ডায়েবেটিছত ভোগাসকলে দৈনিক কৰক এইবোৰ কাম

0
47

ডায়েবেটিছ ৰোগ এক ভয়াৱহ সমস্যা৷ ই এবাৰ কাৰোবাৰ শৰীৰত দেখা দিলে সহজে আৰোগ্য নহয়৷ সেয়েহে ইয়াক নিয়ন্ত্ৰণত ৰখাটো অতি আৱশ্যক৷ আপুনিও যদি এজন ডায়েবেটিছ ৰোগী হয়, তেন্তে দৈনিক কৰক এইকেইটা কাম৷
ডায়েবেটিছ ৰোগীসকলে নিজৰ খাদ্য তালিকাত কম চৰ্বি থকা, কম নিমখযুক্ত, কম চেনিযুক্ত, কম কেলৰিযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰা উচিত৷ ইয়াৰ লগতে অধিক ফাইবাৰযুক্ত খাদ্য যেনে– পাচলি, ফল, বিন, শস্যজাতীয় খাদ্যবস্তু খোৱাটো খুব ভাল৷
প্ৰত্যেকদিনে একে সময়তে আৰু একে পৰিমাণৰ খাদ্য খাব লাগে৷
লগতে কেতিয়াও খাদ্য বাদ দিব নালাগে, বিশেষকৈ আপুনি যদি ডায়েবেটিছৰ ঔষধ গ্ৰহণ কৰি আছে৷ নহ’লে আপোনাৰ ব্লাড ছুগাৰ কমি যাব পাৰে৷
ডায়েবেটিছ ৰোগীসকলে শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰাটো খুব ভাল৷ আপুনি পুৱা-গধূলি খোজ কাঢ়িব পাৰে, খেলিব পাৰে, সাঁতুৰিব পাৰে, ঘৰৰ কাম-কাজ কৰিব পাৰে৷ মুঠতে সক্ৰিয় হৈ থকাটো মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ বাবে খুব প্ৰয়োজনীয়৷
কিন্তু মনত ৰাখিব আপুনি যদি ইনছুলিন ব্যৱহাৰ কৰে তেন্তে খাদ্য খাইহে ব্যায়াম কৰিব৷
ব্যায়াম কৰাৰ আগত আৰু পাছত ব্লাড ছুগাৰ পৰীক্ষা কৰাটো জৰুৰী৷ যদি আপোনাৰ ব্লাড ছুগাৰ ২৪০ৰ ওপৰত হয়, তেন্তে ব্যায়াম নকৰিব৷
ধূমপান সেৱনে আপোনাৰ টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে৷ মধুমেহ ৰোগীসকলে সম্পূৰ্ণকৈ পেট ভৰাই খাদ্য খাব নালাগে লগতে একে ঠাইতে বহু সময় ধৰি বহি থকাটো উচিত নহয়৷
স্ত্ৰেচে আপোনাৰ ব্লাড ছুগাৰ বৃদ্ধি কৰিব পাৰে৷ সেয়েহে যিমান পাৰি হাঁহি-স্ফূৰ্তি, ধ্যান তথা নিজৰ ভাল লগা কামবোৰ কৰি স্ত্ৰেচ মুক্ত হৈ থাকিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here