ডায়েবেটিছ ৰোগ যাক ’ছাইলেণ্ট কিলাৰ’ বুলি কয়, দিনক দিনে এই ৰোগৰ বিস্তাৰ বিশ্বজুৰি অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ মানৱ দেহৰ সুস্বাস্থ্যৰ বাবে বৰ্তমান সময়ত হেঙাৰ হিচাপে থিয় দিছে এই ডায়েবেটিছ ৰোগে৷ শিশু-যুৱক-বৃদ্ধ কোনেও ৰেহাই পোৱা নাই এই ৰোগৰ আক্ৰমণৰ পৰা৷ আজিৰ দিনত এই ৰোগৰ ভয়াৱহতাই সকলোকে ভবাই তুলিছে৷ সেয়ে মানুহৰ সুস্থতাৰ বাবে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাটো জৰুৰী হৈ পৰিছে৷ স্বাস্থ্য সচেতন লোকে ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ জীৱনশৈলীৰ পৰিৱৰ্তন, শৰীৰচৰ্চা, খাদ্যত তালিকাৰ সংশোধন বিভিন্ন পন্থা লয়৷ অৱশ্যে ডায়েবেটিছ ৰোগক দূৰতে বিদূৰ কৰিবলৈ হ’লে যোগব্যায়ামৰ অভ্যাস কৰিব পাৰে৷ নিয়মিতভাৱে কৰা যোগাসনে ডায়েবেটিছক পৰাজিত কৰি জীৱন যাত্ৰা সুচাৰুৰূপে নিয়াবলৈ সহায় কৰে৷ ডায়েবেটিছ নিয়ন্ত্ৰণ তথা এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ তদাসন আসন কৰাৰ অভ্যাস কৰক৷
কিদৰে কৰিব তদাসন ঃ- এই আসন কৰিবলৈ বেছি জটিলতা নাই৷ এই আসন কৰিবলৈ প্ৰথমে মানুহজন মাটিত সম্পূৰ্ণ থিয় হৈ লওক৷ এতিয়া হাত দুখন প্ৰণাম কৰাৰ দৰে জোৰা লগাই যিমান পাৰে মূৰৰ পিছফালে কৰি ওপৰলৈ দাঙি ধৰক৷ ইয়াৰ পাছত লাহে লাহে উশাহ লওক৷ ভৰি দুখনৰ আঙুলিত ভৰ দি মানুহজন ওপৰলৈ উঠি যোৱাৰ দৰে কৰিব৷ মনত ৰাখিব যাতে আপোনাৰ শৰীৰৰ সমস্ত ভৰ ভৰিৰ আঙুলিয়ে ল’ব পাৰে৷ এইদৰে কিছু সময় থাকি পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷