ঠাণ্ডাৰ বাবে পুৱাই উঠিবলৈ এলাহ ভাব আঁতৰাব এই অভ্যাসে

0
2

শীতকালত প্ৰচণ্ড ঠাণ্ডাৰ বাবে পুৱাই টোপনিৰ পৰা উঠিবলৈ সকলোৱে কম-বেছি কষ্ট অনুভৱ কৰে৷ কম্বলৰ তলৰ আৰামদায়ক উমাল হৈ থকা বিছনাৰ এৰি শীতৰ ঠাণ্ডাত উঠি গা ধোৱা, খোৱা-বোৱা কৰা আদি কামবোৰ কৰাটো কঠিন হৈ পৰে৷ এইদৰে আৰাম কৰি থাকোতেই বিছনা এৰাৰ বাবে অফিচলৈ যোৱাত দেৰি হয় বহুতৰ ক্ষেত্ৰতে৷ অফিচ গৈয়ো গোটেই দিনৰ কাম কৰিবলৈ অনীহা আহে, মনৰ স্ফূৰ্তিৰ অভাৱ হয়৷ ইয়াৰ ফলত কামততো বেয়া প্ৰভাৱ পৰেই, মনৰ ওপৰতো প্ৰভাৱ পৰে৷ গতিকে পুৱাই বিছনাৰ পৰা উঠাৰ এলাহ ভাব নোহোৱা কৰিবলৈ আৰু পুৱাই সোনকালে উঠি দিনটোৰ কৰ্মসূচী নিৰ্ধাৰণ কৰি সেইবোৰ সঠিকভাৱে সম্পাদন কৰিবলৈ কিছুমান অভ্যাস কৰা জৰুৰী৷ পুৱাৰ এইধৰণৰ অভ্যাসে আপোনাৰ গোটেই দিনটোলৈ মন প্ৰফুল্লিত কৰি ৰখাৰ লগতে সকলো কাম ভালদৰে কৰাত সহায় কৰে৷
বিছনাত যিমানেই বেছি সময় কটাব, সিমানেই শৰীৰলৈ এলাহ ভাব আহিব৷ সেয়ে ঠাণ্ডাৰ দিনটো পুৱা সোনকালে শোৱাৰ পৰা উঠাৰ অভ্যাস কৰক৷ ইয়াৰ বাবে অৱশ্যে ৰাতিও সোনকালে শোৱাৰ চেষ্টা কৰক৷ দৈনিক সাত-আঠ ঘণ্টাৰ বেছি নুশুব৷ এইদৰে উপযুক্ত পৰিমাণে শোৱাৰ ফলত শৰীৰ আৰু মনৰ স্বাস্থ্য ভালে থাকে৷
পুৱাই টোপনিৰ পৰাই উঠিয়েই কুহুমীয়া গৰম পানী সেৱন কৰাৰ অভ্যাস কৰক৷ টোপনিৰ পৰা উঠি পানী সেৱন কৰিলে শৰীৰৰ বিপাক হাৰ বাঢ়ে৷ আনহাতে বিপাকৰ হাৰ উন্নত হ’লে শৰীৰলৈ স্ফূৰ্তিৰ ভাব আহে৷
শীতৰ দিনত ইচ্ছা নগ’লেও পুৱা শুই উঠিয়েই শৰীৰচৰ্চাৰ কৰাৰ অভ্যাস কৰক৷ টোপনিৰ পৰা উঠিয়েই ষ্ট্ৰেচিং, যোগাসনৰ দৰে লঘু ব্যায়াম কৰাৰ অভ্যাস গঢ় দিয়ক৷ এইদৰে শৰীৰচৰ্চাৰ কৰাৰ ফলত ৰক্ত সঞ্চালন উন্নত হয়, এণ্ড্ৰৰফিন হৰমনৰ ক্ষৰণ বাঢ়ে৷ যাৰ ফলত শৰীৰ আৰু মনৰ স্বাস্থ্য উন্নত হয়৷
পুৱা শৰীৰচৰ্চাৰ কৰাৰ পাছত সুষম আহাৰ গ্ৰহণ কৰা অতি আৱশ্যক৷ প্ৰ’টিন, দানাশস্য, ফল-মূল বা শাক-পাচলি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক৷ আনহাতে কাৰ্বহাইড্ৰেটযুক্ত খাদ্য কমাই খাওক৷
আন এটা গুৰুত্বপূণ কথা যে টোপনিৰ পৰা উঠিয়েই মোবাইল চোৱাৰ অভ্যাস পৰিত্যাগ কৰক৷ বহুতৰে শুই উঠিয়েই মোবাইল অন কৰি ফে’চবুক, ইনষ্টাগ্ৰাম আদি চোৱাৰ অভ্যাস কৰি লয়৷ ইয়াৰ ফলত পুৱাই বহু মূল্যৱান সময় ব্যয় হোৱাৰ লগতে মন ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে৷ সেয়ে এনে অভ্যাস ত্যাগ কৰিবলৈ চেষ্টা কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here