টোপনিৰ সময়ত হঠাতে শৰীৰটো কঁপি উঠাৰ কাৰণ জানেনে?

0
10

বহুতৰে ক্ষেত্ৰত টোপনি যোৱাৰ সময়ত হঠাতে শৰীৰটো অকাৰণতে জোকাৰি দিয়ে বা কঁপি উঠে৷ অধিকাংশ মানুহৰ ক্ষেত্ৰতে এইধৰণৰ প্ৰতিক্ৰিয়া হয় যদিও এই বিষয়টো কিন্তু বিৰল নহয়৷ অৱশ্যে টোপনিৰ মাজতে এইদৰে শৰীৰটো কঁপি উঠাৰ ফলত টোপনি ভাঙি যায় বা অস্বস্তি অনুভৱ হয়৷ চিকিৎসা বিজ্ঞানৰ পৰিভাষাত ইয়াক হাইপনিক জাৰ্ক বোলা হয়৷ আহক জানো আহকচোন টোপনিৰ সময়ত শৰীৰটো হঠাতে কিয় কঁপি উঠে৷ উল্লেখ্য যে টোপনিৰ সময়ত পেশী টানি ধৰে৷ ইয়াৰ বাবে কঁপনিৰ সৃষ্টি হয়৷ এই সমস্যাটো প্ৰায় সত্তৰ শতাংশ মানুহৰ ক্ষেত্ৰতে হোৱা দেখা যায়৷ বেছিকৈকেফেইন গ্ৰহণ, মানসিক চাপ, উদ্বেগ আদিৰ বাবে এনে সমস্যা হ’ব পাৰে৷ আনহাতে টোপনিৰ অভাৱ বা খতিৰ বাবেও শৰীৰটোৱে জোকাৰণি বা কঁপনিৰ ভাব আহিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here