গভীৰ টোপনিত থকাকালীন বহু সময়ত হঠাতে বিছনাৰ পৰা তললৈ পৰি যোৱা, বা বিছনাৰ পৰা কোনো কাৰণ নোহোৱাকৈয়ে সৰি পৰা আদিৰ দৰে ঘটনা প্ৰায়ভাগ লোকৰ ক্ষেত্ৰতে ঘটা দেখা যায়৷ ইমান ঘোৰ টোপনিত আপুনি যেন হঠাতে পৰি গৈছে অথবা আপোনাৰ কোনোবাই ধাক্কা মাৰি পেলাই দিয়াৰ দৰে কৰা বা আপুনি বহু উচ্ছতাৰ পৰা বহু তললৈ সৰি পৰা আদিৰ দৰে হ’লে খপজপাই টোপনিৰ পৰা সাৰ পাই কিছু সময়ত বিমূৰ্ত হৈ পৰা যায়৷ হঠাৎনো কিয় এনে হ’ল আদি ভাবনাই মনত ক্ৰিয়া কৰিবলৈ ধৰে৷ কিন্তু জানেনে কিয় এনে ঘটে তথা ইয়াৰ কাৰণবোৰ কি? এইটো এটা ৰোগ নে আন কিবা সেয়াও জনাৰ ইচ্ছা জাগে৷ এইধৰণৰ সমস্যাক চিকিৎসকৰ পৰিভাষাত হিপনিক জাৰ্ক বোলে৷ এই সমস্যাৰ বাবে বিভিন্ন শাৰীৰিক কাৰণ থাকিব পাৰে৷ শৰীৰত পুষ্টিৰ অভাৱৰ কাৰণেও এনে হ’ব পাৰে৷ এই সমস্যাক স্লিপ ষ্টাৰ্ট বা স্লিপ টুইছ বোলা হয়৷ এই হিপনিক জাৰ্ক প্ৰায়ভাগ লোকৰ ক্ষেত্ৰতে দেখা দিয়ে৷ বিশেষজ্ঞ চিকিৎসকে জনোৱা মতে শোৱাৰ সময়ত পেশী সংকোচনৰ কাৰণে হিপনিক জাৰ্কৰ মুখামুখি হ’ব পাৰে৷ কেতিয়াবা মন কৰা যায় যে গভীৰ টোপনিত বহু উচ্চতাৰ পৰা বহু তললৈ সৰি পৰা বা কোনোবাই ঠেলা মাৰি দিয়াৰ দৰে হোৱা আদিৰ বাবে হৃৎস্পণ্ডন বাঢ়ি যায়৷ হাইপাৰনিক সমস্যা যিকোনো বয়সতে হ’ব পাৰে৷ সাধাৰণতে অতিৰিক্ত ক্লান্তি, টোপনিৰ অভাৱ, কেফেইনৰ অত্যধিক প্ৰভাৱ, ঔষধ, নিকোটিন, উদ্বেগ, অস্থিৰতা, মানসিক চাপ আদিৰ কাৰণে হিপনিক জাৰ্কৰ চিকাৰ হ’ব পাৰে৷ আনহাতে শৰীৰত পুষ্টিৰ অভাৱৰ কাৰণেও এনে ডাঙৰ সমস্যাই দেখা দিব পাৰে৷ শৰীৰত মেগনেচিয়াম, ভিটামিন-বি১২ আদি অভাৱতো হিপনিক জাৰ্কৰ প্ৰধান কাৰণ হ’ব পাৰে৷ হিপনিক জাৰ্কৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ শৰীৰক হাইড্ৰেটেড ৰখা খুবেই জৰুৰী৷ শৰীৰত ভিটামিন-বি১২ আৰু মেগনেচিয়ামৰ মাত্ৰা সঠিক পৰিমাণে থকাটো প্ৰয়োজন৷ ইয়াৰ উপৰি অত্যধিক মাত্ৰাত কফি চাহ আদি কেফেইনযুক্ত পানীয় এৰাই চলা ভাল৷ শৰীৰত ভিটামিন আৰু মিনাৰেলৰ নাটনি যাতে নহয় তালৈ লক্ষ্য ৰাখিব লাগে৷ ইয়াৰ উপৰি মানসিক চাপ, উদ্বেগ আদি কমাই ৰাখিবলৈ নিয়মিতভাৱে যোগ-প্ৰাণায়াম তথা ব্যায়াম কৰা উচিত৷ মানসিক চাপমুক্ত হৈ থকাৰ চেষ্টা কৰিব, যাতে শৰীৰলৈ পৰ্যাপ্ত মাত্ৰাত অক্সিজেনৰ সৰবৰাহ হয়৷ পুষ্টি অভাৱ কমাবলৈ সেউজীয়া শাক-পাচলি, গোটা শস্য, পৰ্যাপ্ত পানী সেৱন কৰি শৰীৰ সু্স্থ ৰখা অতি প্ৰয়োজন৷