কেতিয়াবা ঘৰৰ পানীৰ টেপৰ পৰা টোপটোপকৈ পানী সৰে৷ টেপত আৱৰ্জনা তথা ময়লা জমা হৈ স্তৰৰ সৃষ্টি কৰি পানী অহাত বাধা দিয়ে, যাৰ কাৰণে এটোপ এটোপকৈ পানী সৰি অসুবিধাৰ সৃষ্টি কৰে৷ এইদৰে পানী সৰাৰ ফলত পানী বাল্টিত পানী ধৰিবলৈ বহু সময় অপচয় হয়৷ বিশেষকৈ বাথৰূমৰ টেপৰ প্ৰায়ে এই সমস্যাই দেখা দিয়ে৷ বেছিভাগ ক্ষেত্ৰতে টেপৰ পানী ওলোৱাত বাধাপ্ৰাপ্ত হয়৷ কিন্তু অসুবিধাজনক কথাটো হ’ল টেপৰ সৰু মুখৰ ভিতৰখন পৰিষ্কাৰ কৰা মুঠেও সহজ কাম নহয়৷ টেপৰ ভিতৰখন চাফা কৰিবলৈ হ’লে প্লাম্বাৰক মাতিলে ভাল কৰিলে খৰচো হয় বহু৷ লগতে পানীও প্ৰচুৰ পৰিমাণে নষ্ট হয়৷ সেয়ে এই সমস্যাৰ সমাধানৰ সহজ উপায় এটা আমাৰ হাততে আছে৷ মাত্ৰ এচামুূচ তেলৰ সহায়ত টেপৰ সৰা হোৰাহোৰে পানী ওলাব আৰু টোপ টোপকৈ পানী অহাৰ সমস্যা সমাধান হোৱাৰ লগতে প্লাম্বাৰৰো কোনো আৱশ্যক নাই৷ শুনিলে অবাক হ’ব যে মাত্ৰ এচামুচ তাৰ্পিন তেলে দিব পাৰে ইয়াৰ সমাধান৷এই তেল বজাৰত সহজে পোৱা যায়৷ ইয়াৰ বাবে টেপটো বন্ধ কৰিব৷ টেপৰ ওৱাচাৰ খুলি দিব৷ অৰ্থাৎ মুখখন খুলি তাৰ্পিন তেলত ডুবাই ৰাখক৷ প্ৰায় এঘণ্টা তাৰ্পিন তেলত ডুবাই ৰখাৰ পাছত ফুলি যাব ওৱাটাৰ৷ ওৱাটাৰখন তেলৰ পৰা বাহিৰ কৰি পৰিষ্কাৰ কৰক৷ খুব সহজে পৰিষ্কাৰ হৈ যাব, বেছিকৈ নঘঁহিব৷ এইবাৰ পুনৰ টেপৰ মুখখন লগাই দিলেই দেখিব সম্পূৰ্ণ পৰিষ্কাৰ হৈছে টেপৰ মুখখন৷ টেপৰ মাজত আৱৰ্জনা জমা হোৱাৰ প্ৰধান কাৰণ পানীত থকা ছ’ডিয়াম, আইৰন আদি৷ পাইপৰ গাত এইবোৰ লাগি ধৰি জমা হৈ পাছত বন্ধ হৈ পৰে টেপৰ মুখ৷