টেংকিৰ পানীৰ দুৰ্গন্ধ কিদৰে নোহোৱা কৰিব ?

0
41

ছাদত ৰখা পানীৰ টেংকিৰ নিয়মিতভাৱে পৰিষ্কাৰ কৰা এটা স্বাভাৱিক কাম৷ যদি নিয়মিতভাৱে টেংকি পৰিষ্কাৰ কৰা নহয় তেনেহ’লে ইয়াৰ পানী দুৰ্গন্ধ ওলোৱাটো স্বাভাৱিক৷ যদি ছাদৰ টেংকিৰ পানী কেইবাদিনো পৰিষ্কাৰ কৰা নহয়, তেন্তে ইয়াৰ পানী মাছৰ গোন্ধাই আৰু খোৱাৰ অনুপযোগী হৈ উঠে৷ আনহাতে এই পানীত ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া তথা জীৱাণুৱে বাস কৰিব পাৰে৷ এই পানী সেৱন কৰাৰ ফলত নানা ৰোগৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে৷ সেয়ে টেংকিৰ পানীৰ পৰা ওলোৱা দুৰ্গন্ধ কিদৰে নোহোৱা কৰিব, সেই বিষয়ে জানো আহক৷
বাৰিষা কালত বৰষুণৰ সময়ত টেংকিৰ পৰা দুৰ্গন্ধ ৰোধ কৰিবলৈ প্ৰথম সমাধান হ’ল বৰষুণ আৰম্ভ হোৱাৰ আগতেই টেংকিৰ ঢাকোনখন সঠিকভাৱে বন্ধ কৰাৰ ব্যৱস্থা কৰক৷ যাতে বৰষুণৰ পানী টেংকিৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে৷ আনহাতে টেংকিলৈ সৰবৰাহ হোৱা পানী ভালদৰে পৰীক্ষা কৰক৷ কাৰণ টেংকিৰ ভিতৰলৈ অহা পানীৰ পাইপৰ ময়লাৰ কাৰণেও পানী গোন্ধাব পাৰে৷
বাৰিষা কালত সঘনাই টেংকি পৰিষ্কাৰ কৰাটোত অসুবিধা হয়৷ ইয়াৰ কাৰণে ক্লৰিনৰ দ্বাৰা ইয়াৰ পানীৰ দুৰ্গন্ধ দূৰ কৰিব পাৰে৷ আচলতে টেংকিত মাটিৰ স্তৰ জমা হয় কাৰণে মাজে মাজে দুৰ্গন্ধ ওলাব পাৰে৷ মাটিৰ গোন্ধ তথা পানীত উপস্থিত থকা বেক্টেৰিয়া দূৰ কৰিবলৈ ক্লৰিনৰ বিকল্প আন একো নাই৷
বৰ্ষাকালত পানীৰ টেংকিত থকা বেক্টেৰিয়া তথা দুৰ্গন্ধ নিৰাময়ৰ বাবে আপুনি নেমু ব্যৱহাৰ কৰিব পাৰে৷ পানীৰ টেংকিত দুকাপমান নেমুৰ ৰস মিহলাই দিব৷ এই নেমুৰ ৰস পানীৰ লগত মিহলি হৈ ইয়াত থকা বেক্টেৰিয়া নাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here