আমি ঘৰ অথবা অফিচত কাম কৰাৰ সময়ত চকী বা টুলত বহি কাম কৰা হয়৷ কিছুমান লোকে চকীত বহি কাম কৰাতকৈ টুল বহি কাম কৰিলে বেছি কমফ’ৰ্ট অনুভৱ কৰে৷ আনহাতে হোটেল-ৰেষ্টুৰেণ্টত খোৱাৰ সময়তো টুল বহিয়েই খোৱা হয়৷ সেয়ে প্ৰায় প্ৰতি ঘৰতে বা দোকানত বহাৰ কাৰণে টুল ব্যৱহাৰ কৰা হয়৷ কিন্তু আপুনি টুলত বহি কাম কৰে ঠিকেই, তাৰ মাজতে কেতিয়াবা লক্ষ্য কৰিছেনে যে টুলত মাজ অংশত এটা গোলাকাৰ ফুটা থাকে৷ এই ফুটাটো কিয় থাকে, সেই কথা ভাবিছেনে? টুলৰ মাজত ফুটা ৰখাটো এটা ডিজাইন বুলি ভুল নকৰিব৷ ইয়াৰ পাছত আছে আন এটা কথাহে৷ এই ফুটাৰ ৰখাৰ কাৰণটো হ’ল টুলৰ কাঠামোৰ স্থায়িত্ব নিশ্চিত কৰা, যাৰ কাৰণে টুলখন ভাঙি যোৱাৰ পৰা ৰক্ষা পৰে আৰু টুলখন ভঙাৰ প্ৰতিৰোধ হিচাপে কাম কৰে৷ টুলৰ মাজ অংশৰ ফুটাটো বৰ্গাকাৰ আকৃতিৰ হয় বা একাধিক কোণ থাকে৷ ইয়াৰ ফলত কোনো ব্যক্তিয়ে টুলখনত বহাৰ পাছত চাপৰ বাবে টুলখন ফাটি যোৱাৰ সম্ভাৱনা নাথাকে৷ আচলতে বৃত্তাকাৰ ফুটাটোৱে টুলৰ শক্তি বজাই ৰাখি চাপক সমানভাৱে বিতৰণ কৰে৷ সেয়ে টুলৰ মাজ অংশত এটা ফুটা ৰাখে কোম্পানীবোৰে৷