ৰাতি পুৱা টোপনিৰ পৰা উঠি সকলোৰে দাঁত ব্ৰাছ কৰাটো এটা নিয়ম৷ সকলোৱে দাঁত, মুখ ধুই-মেলিহে ব্ৰেক ফাষ্ট কৰিবলৈ টেবুলত বহে৷ দাঁত নষ্ট নোহোৱাকৈ বা জীৱাণুৰ সংক্ৰমণৰ পৰা বচাই ৰাখিবলৈ নিয়মিতভাৱে ব্ৰাছ কৰা হয়৷ বিশেষজ্ঞই কোৱা মতে অন্ততঃ ১৫-২০ মিনিট সময় দাঁত ব্ৰাছ কৰা উচিত৷ আনহাতে দাঁত ব্ৰাছ কৰাৰ সময়ত আমি বহুতো ভুল নিয়ম অৱলম্বন কৰোঁ৷ দাঁত ব্ৰাছ কৰাৰ সময়ত এই ভুলবোৰৰ বাবে পাছত সমস্যাত পৰিবলগীয়া হয়, যিবোৰে আমাৰ ক্ষতি কৰে৷ এই প্ৰসংগতে লণ্ডনৰ মেৰিলিবোন স্মাইল ক্লিনিকৰ প্ৰতিষ্ঠাতা ডাঃ ছাহিল পেটেলৰ দাঁতৰ স্বাস্থ্য সম্পৰ্কে উল্লেখ কৰা বক্তব্য আগবঢ়াইছোঁ৷ ডাঃ ছাহিল পেটেলে ৰোগীৰ ক্ষেত্ৰত প্ৰায়ে দেখিবলৈ পায় যে দাঁতৰ যত্নৰ ক্ষেত্ৰত ৰোগীয়ে বহুতো ভুল কৰে আৰু¸ এই ভুলে মুখৰ স্বাস্থ্যৰ বাবে বিপজ্জনক হৈ পৰে৷ এইধৰণৰ ডাঙৰ ভুলবোৰৰ ভিতৰত এটা হ’ল বহুতে দাঁত ব্ৰাছ কৰাৰ আগতে টুথব্ৰাছডাল তিয়াই লয়৷ জানি থোৱা ভাল যে ইয়াৰ ফলত আপোনাৰ দাঁতৰ ক্ষতি হ’ব পাৰে৷ ডাঃ ছাহিলে কোৱা অনুসৰি মানুহে যদি টুথপেষ্ট লগোৱাৰ আগে আগে টুথব্ৰাছ ভিজাই ৰাখে, তেনেহ’লে ভুল কৰা হয়৷ ইয়াৰ কাৰণ হ’ল টুথপেষ্টত ইতিমধ্যে সঠিক পৰিমাণে আদ্ৰৰ্তা আছে৷ আনহাতে আপুনি যদি টুথব্ৰাছডালো ভিজাই লয়, তেন্তে অতিৰিক্ত আদ্ৰৰ্তাৰ বাবে মুখত দ্ৰুতভাৱে ফেন ওলাব৷ ইয়াৰ ফলত আপুনি টুথপেষ্ট লগে লগে মুখৰ পৰা বাহিৰলৈ উলিয়াই দিব৷ আনহাতে জোৰকৈ দাঁত ব্ৰাছ কৰা বা ইণ্টাৰডেণ্টেল ব্ৰাছেৰে ফ্লছ দি ব্ৰাছ কৰাৰ ফলত মুখৰ স্বাস্থ্যৰ অপকাৰ হ’ব পাৰে৷ এই প্ৰসংগত কোৱা হৈছে যে মুকলিকৈ থোৱা ব্ৰাছত ধূলি বালি লাগে, এইবোৰ কিদৰে ৰক্ষা কৰিব৷ এইক্ষেত্ৰত বিশেষজ্ঞই পৰামৰ্শ দিছে যে ব্ৰাছডাল ধূলি-বালিৰ পৰা ৰক্ষা কৰিবলৈ টুথব্ৰাছৰ ওপৰত এটা কেপ বা সাঁফৰ থকা জৰুৰী, যাতে বাহিৰ ধূলি ব্ৰাছৰ লাগি নধৰে৷ ইয়াৰ লগতে ডাঃ ছাহিলে কৈছে যে এনেকুৱা ব্ৰাছ ব্যৱহাৰ কৰিব লাগে, যাতে ব্ৰাছ কৰাৰ সময়ত ব্ৰাছডাল পিছলি নাযায়৷ দাঁত চাফা কৰাৰ সময়ত ব্ৰাছডাল পিছলি গ’লে ভালদৰে কাম নকৰে৷ দাঁত শক্তিশালী কৰি ৰাখিবলৈ দাঁতৰ মাডাও পৰিষ্কাৰ কৰিব লাগে৷ মুখৰ ভিতৰত কিছুমান এনে ঠাই আছে, য’ত ব্ৰাছেৰে সেই ঠাই ঢুকি নাপায়৷ সেই ঠাইবোৰত ফ্লচেৰে পৰিষ্কাৰ কৰিব লাগে৷ দিনে কেইবা ব্ৰাছ কৰা উচিত এই সম্পৰ্কে ডাঃ ছাহিলে কৈছে যে পুৱা আৰু শোৱাৰ আগতে দুবাৰ দাঁত ব্ৰাছ কৰা ভাল৷ আনহাতে দিনে কেইবাবাৰো নকৰিলেও এবাৰেই যদি নিখুঁতভাৱে দাঁত পৰিষ্কাৰ কৰা হয়, সেয়াই যথেষ্ট৷ ব্ৰাছ কৰাৰ সময়ত কিছু নিয়ম মানি চলাটোও দৰকাৰ যেনে দাঁত ব্ৰাছ কৰোঁতে সদায় ওপৰ-তল কৰি, ঘূৰণীয়াকৈ ঘড়ীৰ দিশত ব্ৰাছ কৰিব লাগে৷ জোৰকৈ ঘঁহাই ঘঁহাই দাঁত ব্ৰাছ কৰা অনুচিত৷