গৰমৰ দিনকেইটা সকলো মানুহৰ কাৰণে বৰ অস্বস্তিকৰ হয়৷ ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ কৰি ৰখাৰ ফলত ভিতৰৰ গৰম বায়ু বাহিৰলৈ ওলাই যাব নোৱাৰি আমাৰ বেছি গৰম অনুভৱ হয়৷ সেয়েহে প্ৰায়ভাগ লোকে বেছিভাগ সময় বাহিৰতে কটায় নাইবা ৰাতি খিৰিকী খুলি ৰাখে, যাতে ঠাণ্ডা বতাহ ভিতৰলৈ আহিব পাৰে৷ ইয়াপ ফলস্বৰূপে আগমন ঘটে মহৰ৷ মহৰ উৎপাতত মানুহে শান্তিমতে বাহিৰত বহি থাকিব নোৱাৰে, আনকি ৰাতি শুই থকাৰ সময়তো মহে আহি কাণৰ ওচৰত কুনকুনাই এক বিৰক্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ গতিকে মহৰ পৰা পৰিত্ৰাণৰ উপায় কি জানো আহক–
(১) মহে বতাহত ভালকৈ উৰিব নোৱাৰে৷ আনকি পাতল বতাহো মহৰ কাৰণে যথেষ্ট৷ গতিকে মহৰ উৎপাতৰ পৰা বাচিবলৈ ফেনখন দ্ৰুতগতিত চলাই দিব৷ টেবুল ফেন হ’লে মন কৰিব যাতে ফেনখন অলপ তলমুৱা হয়৷ কাৰণ বতাহৰ পৰা বাচিবলৈ মহে তলত উৰিবলৈ চেষ্টা কৰে৷
(২) মহে গাঢ় ৰংবোৰৰ প্ৰতি বেছি আকৰ্ষিত হয়৷ যেনে– ক’লা, ৰঙা বা আন গাঢ় ৰং৷ গতিকে আপুনি যদি কম গাঢ় ৰঙৰ কাপোৰ পিন্ধে, তেন্তে আপুনি কমকৈ মহৰ চকুত পৰিব৷
(৩) লেবেন্ধাৰৰ গোন্ধ মহে বৰকৈ সহ্য কৰিব নোৱাৰে৷ মহৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ঘৰৰ বাগিচাত লেবেন্ধাৰ ৰুব পাৰে৷ নাইবা ৰাতি শোৱাৰ আগতে লেবেন্ধাৰ পিহি অলপ তেলৰ লগত মিহলাই গাত সানিব পাৰে৷ এনে কৰাৰ ফলত মহ দূৰতে বিদূৰ হ’ব আৰু আপোনাৰ ভাল টোপনিও আহিব, কাৰণ লেবেন্ধাৰৰ গোন্ধই মানুহৰ অৱসাদ দূৰ কৰে৷
(৪) লেবেন্ধাৰৰ দৰে লঙৰ গোন্ধো মহে ভাল নাপায়৷ গতিকে শোৱাৰ আগতে এটা পানীভৰ্তি বাটিত কেইটামান লং মিশ্ৰণ কৰি বিছনাৰ কাষত থৈ দিব, দেখিব মহবোৰ ক্ৰমান্বয়ে আপোনাৰ পৰা আঁতৰি গৈছে৷
(৫) ঘৰৰ ওচৰত পানী জমা হ’ব দিব নালাগে৷ কাৰণ লেতেৰা-আৱদ্ধ পানীত মহে কণী পাৰে৷
(৬) গৱেষণা কৰি পোৱা গৈছে যে বহু বেছি আদা খালে মানুহৰ শৰীৰৰ পৰা আদাৰ দৰে গোন্ধ বাহিৰ হয়৷ গতিকে আদা সেৱনৰ ফলত মহে মানুহৰ শৰীৰৰ পৰা তেজৰ গোন্ধ নাপায় আৰু কমকৈ আকৰ্ষিত হয়৷