টাইলছ চকচকীয়া কৰি ৰাখিবলৈ ঘৰুৱা উপায়

0
94

বাৰিষা কালত ঘৰৰ বাৰাণ্ডা, মজিয়াত ধূলি বালি, আৱৰ্জনা জমা হৈ হালধীয়া বা আন দাগ পৰি অশুৱনি কৰে৷ এই দাগ-চোপবোৰ এটা সময়ত পানীৰে ধুলেও নুগুচে বা নাযায়৷ এনে অৱস্থাত ঘৰলৈ আলহী-অতিথি আহিলেই লাজত পৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয়৷ ঘৰৰ ভিতৰত টাইলছত পৰা দাগবোৰ আপুনি ঘঁহি ঘঁহি গুচাব নোৱাৰি এটা সময়ত উপায়হীন হৈ পৰে৷ এনেধৰণৰ দাগে ঘৰৰ ভিতৰটো লেতেৰা দেখাৰ লগতে টাইলছৰ সৌন্দৰ্যও ম্লান কৰে৷ ড্ৰয়িংৰূম, শোৱা কোঠা, বাথৰূম, বাৰাণ্ডা আদি যিকোনো ঠাইৰ টাইলছত পৰা এই দাগবোৰ গুচাবলৈ আপুনি ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰে৷ এইধৰণৰ ঘৰুৱা উপায় অলৱম্বন কৰাৰ ফলত ঘৰৰ মজিয়াৰ টাইলছ চকচকীয়া হৈ দেখাত নতুন হৈ পৰিব৷ জানো আহক এই ঘৰুৱা উপায়ৰ বিষয়ে৷
এটা পাত্ৰত ভিনেগাৰ লৈ তাত স্পঞ্জ তিয়াই লওক৷ এই স্পঞ্জেৰে টাইলছত জোৰকৈ ঘঁহি ঘঁহি মচি থাকক৷ কিছু সময়ত এইদৰে ঘঁহাৰ ফলত ভিজা কাপোৰেৰে আৰু এবাৰ দাগ পৰা টাইলছ মচি দিয়ক৷ দুদিনমান এইদৰে মচিলে টাইলছৰ দাগ নোহোৱা হৈ পৰিষ্কাৰ হৈ পৰিব৷
এটা বাল্টিত গৰম পানী লৈ তাত আধা কাপ এমোনিয়া মিহলাই লওক৷ এতিয়া এই এমোনিয়া মিশ্ৰিত পানীৰে কাপোৰৰ সহায়ত ঘৰ মোচক৷ টাইলছত পৰা যিকোনো তেল-মছলাৰ দাগ, হালধিৰ দাগ বা ক’লা দাগ চাফা হৈ যাব৷
ঘৰৰ টাইলছৰ দাগ নোহোৱা কৰিবলৈ বেকিং ছ’ডা ব্যৱহাৰ কৰিব পাৰে৷ এটা পাত্ৰত পানী লৈ তাত সম পৰিমাণৰ বেকিং ছ’ডা মিহলাই লওক৷ এতিয়া এটা ব্ৰাছেৰে এই মিশ্ৰণটো টাইলছৰ দাগ পৰা অংশত ঘঁহি চাফা কৰক৷ তাৰ পাছত পানীৰে টাইলছ পৰিষ্কাৰ কৰক৷ দেখিব টাইলছৰ পৰা দাগবোৰ নোহোৱা হৈ গৈছে৷
এটা পাত্ৰত পানী লৈ তাত হাইড্ৰজেন পেৰক্সাইড মিহলাই লওক৷ তাৰ পাছত এটা স্প্ৰে’ বটলেৰে এই মিশ্ৰণটো টাইলছত পৰা দাগত স্প্ৰে’ কৰক৷ পাছত পানীৰে টাইলছ ধুই দিব৷ টাইলছৰ যিকোনো দাগ গুচাবলৈ এই মিশ্ৰণটো যথেষ্ট কাৰ্যকৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here