টকৌৱে খোৱা– কীটাণুৰ দ্বাৰা হোৱা এবিধ চুলিৰ ৰোগ৷ টকৌৱে খোৱা ৰোগক ইংৰাজীত এল’পিচিয়া এৰিয়েটা [Alopecia areata] বুলি কোৱা হয়৷ এই ৰোগ হ’লে অতি কম সময়ৰ ভিতৰতে মূৰৰ পৰা সৰু সৰু ঘূৰণীয়া চকলা চকলকৈ চুলি সৰি যায়৷ চুলিৰ গুৰিবোৰ খজুৱায়৷ মূৰৰ চুলি সৰাৰ লগতে চেলাউৰি, চকুৰ নোম, গাৰ নোম, দাড়ি আদিও সৰি যোৱা দেখা যায়৷ কিছুমানৰ ক্ষেত্ৰত চুলিবোৰ একেবাৰে সৰি মূৰটোৱে টকলা হৈ পৰে৷ টকৌৱে খোৱা ৰোগ সাধাৰণতে বিভিন্ন কাৰণত হয়৷ তাৰ ভিতৰত– বংশগত কাৰণ, অত্যধিক মানসিক চাপ, মূৰৰ ছালত সঠিক পৰিমাণে তেজ চলাচল হৈ নাথাকিলে, হৰম’নৰ বিসংগতি, ঔষধৰ পাৰ্শ্বক্ৰিয়া, উপযুক্ত খাদ্যৰ অভাৱ, চুলিত ৰাসায়নিক দ্ৰব্যমিশ্ৰিত ৰঙৰ ব্যৱহাৰ, মূৰৰ ছালৰ লগতে চুলিত ভেঁকুৰৰ সংক্ৰমণ আদিয়ে প্ৰধান৷ ইয়াৰ প্ৰতিকাৰ হিচাপে পিঁয়াজ এটা ফালি ঠাইডোখৰত লগাব লাগে৷ শেৱালি ফুলৰ গুটি ভালদৰে খুন্দি ঘঁহিলে চুলি গজে৷ নহৰু কেইফোটামান পিহি টকৌ পৰা ঠাইডোখৰত ভালদৰে লগালে সুফল পোৱা যায়৷ তিতভেঁকুৰীৰ কেইটামান পাত খুন্দি মূৰত সানি প্ৰলেপ দিলে বীজাণু ধবংস হয়৷ চুলি নোহোৱা ঠাইডোখৰত মহাভৃংগৰাজৰ পাত খুন্দি প্ৰলেপ দিব লাগে৷ ভোমোৰাৰ বাকলি গুড়ি কৰি টকৌৱে খোৱা ঠাইত সানিলে সুফল পোৱা যায়৷ এনে ধৰণে ঘৰুৱা বিধান তথা প্ৰাকৃতিক চিকিৎসাৰে টকৌৱে খোৱা ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰো।