জৰায়ুত নহয়, লিভাৰত বাঢ়িছে ভ্ৰূণ ‘এক্টোপিক প্ৰেগনেন্সি’ৰ চিকাৰ মহিলা

0
2

জৰায়ুৰ সলনি লিভাৰত ভ্ৰূণ বাঢ়িবলৈ লৈছে৷ এনেধৰণৰ বিৰল ঘটনা ভাৰতত প্ৰথমবাৰৰ কাৰণে হৈছে বুলি দাবী কৰিছে চিকিৎসকে৷ সমগ্ৰ বিশ্বত অন্তঃসত্ত্বা 0.২৫ ৰ পৰা ২ শতাংশ মহিলাৰ ক্ষেত্ৰত এই সমস্যাই দেখা দিব পাৰে৷ উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বুলন্দচহৰত এগৰাকী ত্ৰিছ বছৰ বয়সীয়া মহিলাৰ যক.তত পোৱা গৈছে ভ্ৰূণ৷ মহিলাগৰাকীয়ে যোৱা কিছুদিন ধৰি তলপেটৰ অসহ্য যন্ত্ৰণাত ভুগি আছিল৷ চিকিৎসকে এম আৰ আই কৰাৰ পাছত ৰাগিণী নামৰ মহিলাগৰাকীৰ লিভাৰত ভ্ৰূণৰ অস্তিত্ব ধৰা পৰে৷ চিকিৎসকে জনোৱা মতে ভ্ৰূণৰ বয়স বাৰ সপ্তাহ হৈছে৷ উল্লেখ্য যে জৰায়ুৰ সলনি ডিম্বাণু শৰীৰৰ আন অংশত তৈয়াৰ হ’লে চিকিৎসাৰ পৰিভাষাত এক্টোপিক প্ৰেগনেন্সি বোলা হয়৷ এই ক্ষেত্ৰত জৰায়ুৰ সলনি লিভাৰত ভ্ৰূণৰ বৃদ্ধি হোৱা বাবে ইয়াৰ হেপাটিক এক্টোপিক প্ৰেগনেন্সি বোলা হ’ব৷ সাধাৰণ গৰ্ভাৱস্থাত নিষিক্ত ডিম্বাণু ডিম্বনলীৰ মাধ্যমেৰে জৰায়ু গহবৰত থাকে৷ কিন্তু এক্টোপিক গৰ্ভাৱস্থাত নিষিক্ত ডিম্বাণু জৰায়ু গহ্বৰৰ বাহিৰত স্থাপিত হয়৷ এক্টোপিক গৰ্ভাৱস্থাত ভ্ৰূণটো য’ত বাঢ়ি থাকে, তাত বেছি ৰক্তপাত হয় আৰু ডিম্বনলীৰ ক্ষতি হয়৷ আনকি উপযুক্ত চিকিৎসা নহ’লে অন্তঃসত্ত্বাৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here