আপোনাৰ জীৱনত যিমানেই জটিল তথা ডাঙৰ সমস্যাই নাহক কিয়, কিছুমান বিষয়ত ধ্যান দিলে জীৱন-যুঁজত পৰাজিত হোৱাৰ ভয় নাথাকে৷ আনহাতে বিভিন্ন লেখাত লেখকে লিখিছে যে নিজৰ কাৰণে কিবা পাবলৈ মাজে-মধ্যে হাৰি যোৱাটোও জৰুৰী৷ নিজৰ চেতনা, নিজৰ প্ৰকৃত সত্তাক হাছিল কৰিবলৈ কেতিয়াবা হাৰি যাবলগীয়াও হয়৷ তথাপি সেই পৰাজয়ৰ বাবে কোনো বিষাদ বা দ্বিধা নাথাকে৷ কিন্তু গোটেই জীৱন যদি এটা বিশাল, ওখ তথা অন্ধকাৰাচ্ছন্ন পৰাজয়ৰ এখন পাহাৰ হয়, তেনেহ’লে সেই পথত চলিবলৈ নানা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷ এনেহেন পৰিস্থিতিক জীৱনৰ মূল সোঁতলৈ ঘূৰি আহিবলৈ কঠিন হয়৷ সেয়ে এনে বেয়া সময়ত আপুনি থিৰ হৈ থাকিবলৈ কেইটামান বিষয়লৈ মন দিয়াটো একান্তই জৰুৰী৷
জীৱনৰ বেয়া সময়ত মনত আহিব পাৰে– আপোনাৰ সৈতেহে এনেকুৱা হ’বলৈ পালানে? সেয়ে মনোবিদে কৈছে যে ভাল বা বেয়া যি সময়েই নাহক কিয়, জীৱনে যি দিছে সেয়াই গ্ৰহণ কৰি মনত সন্মুখলৈ আগুৱাই যাবলৈ আত্মবিশ্বাস ৰাখিব লাগে৷ এনে সংকটময় পৰিস্থিতিত কিয় এনে হ’ল বুলি হাত সাবটি নাথাকি মানসিক চাপ বঢ়াই নোলোৱাই উত্তম পন্থা৷
মনত ৰাখিব বেয়া দিনত আপোনাৰ শুভবুদ্ধি উদয় নহয়৷ এইটো স্বাভাৱিক প্ৰক্ৰিয়া৷ আপুনি কিন্তু বেয়া শক্তিকো জয়লাভ কৰিব দিব নোৱাৰে৷ সেয়েহে যেতিয়াই আপোনাৰ বেয়া সময় আহে, অত্যন্ত ধৈৰ্য ধৰি শীতল মগজুৰে মোকাবিলা কৰাই শ্ৰেয়৷
অকল মনতে কথাবোৰ ভাবিলেই নহ’ব, কামেৰে আগুৱাই লাগিব৷ বেয়া দিন পাৰ কৰাৰ পাছত বহুতো পৰিকল্পনা কৰিলেও বাস্তৱিকতে সেইবোৰৰ প্ৰয়োগ হৈছেনে, সেয়াহে জৰুৰী৷ নহ’লে ওলোটাই মানসিক চাপহে বাঢ়ি যাব৷
এনে পৰিস্থিতিত ‘একো হোৱা নাই’ বুলি এৰি দিলেও নহ’ব৷ আনহাতে জীৱনৰ কোনো পৰিস্থিতিয়েই স্থায়ী নহয়৷ জীৱনত এনে কোনো অন্ধকাৰ মুহূৰ্ত আহিলে খৰধৰ নকৰি, মাত্ৰ সেই মুহূৰ্তটো শেষ হোৱালৈ বাট চাওক, দেখিব লাহে লাহে ভাল সময় আহি পদূলিমুখত ৰৈ আছেহি৷
মনত ৰাখিব বিপদৰ সময়ত নিজেই নিজৰ ভৰসাযোগ্য বন্ধু হৈ উঠে৷ আপুনি যি পৰিস্থিতিৰ মাজলৈ গতি কৰিছে, সেই সময়ত একমাত্ৰ আপুনিহে নিজকে উদ্ধাৰ কৰিব পাৰিব৷ সেয়ে নিজৰ বেয়া সত্তাৰ সৈতে প্ৰতিনিয়ত নিজৰ ভাল সত্তাৰ আলোচনা জাৰি ৰখাটো জৰুৰী৷