জীৱনত জটিল পৰিস্থিতি এৰাইচলিবলৈ এইবোৰ কথা মনত ৰাখক

0
244


মানুহে বিভিন্ন সমস্যাৰ মাজেৰে জীৱন অতিবাহিত কৰে৷ মানৱ জীৱনত ঘাত-প্ৰতিঘাত, উত্থান-পতন, অভাৱ-অভিযোগ, সমস্যাবোৰ মাজেৰে জীৱন নিয়ায়৷ সুখ-দুখ, হাঁহি-কান্দোন মানৱ জীীৱনৰ চিৰলগৰী৷ এইবোৰৰ লগত সমাজ জীৱনত দিন কটোৱাটো মানুহ এজনৰ বাবে বিৰাট সাফল্য৷ মানুহ এজনে জীৱনকালত বিভিন্ন জটিল পৰিস্থিতিৰ মুখামুখি হোৱা স্বাভাৱিক৷ এই সময়খিনিত এনে পৰিস্থিতিৰ সন্মুখীন হৈ সমাধান কৰাটো হ’ল মানৱ জীৱনৰ ধৰ্ম আৰু এজন মানুহ হিচাপে এই ধৰাত জীয়াই থকাৰ সাফল্য৷ মানুহৰ জীৱনত জটিল সমস্যা তথা পৰিস্থিতি এৰাই চলিবলৈ কিছুমান বিশেষ কথালৈ মন দিয়া একান্তই জৰnৰী৷ এই বিষয়ত যদি আশী উধবৰ্ৰ বৃদ্ধ লোক এজনৰ লগত আলোচনা কৰি তেওঁক সোধা হয় যে আপোনাৰ এই সুদীৰ্ঘ জীৱনকালত সকলোতকৈ গুৰুত্বপূৰ্ণ শিক্ষা কি? ইয়াক লৈয়ে তেখেতসকলে দিয়া তত্ত্বগধুৰ উপদেশসমূহৰ আলম লৈ এক প্ৰতিবেদন প্ৰকাশ কৰিছিল আমেৰিকা যু্‌ক্তৰাষ্ট˜ৰ মানচেষ্টাৰ নিউ হাম্পশ্বায়াৰভিত্তিক অনলাইন গণমাধ্যম ফুললি ষ্টেকড-এ৷ উক্ত সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদন মতে কি আছিল সেই উপদেশসমূহ জানো আহক৷
সম্পদতকৈ স্বাস্থ্য ডাঙৰ৷ সেয়ে টোপনি ক্ষতি কৰি, মানসিক শান্তি বিনষ্ট কৰি অৰ্থ উপাৰ্জন কৰা অনৰ্থক কথা৷
সকলোতকৈ ডাঙৰ বিনিময় হ’ল আত্ম উন্নয়নমূলক বিনিয়োগ৷ আনহাতে আত্ম উন্নয়নৰ বিনিয়োগবোৰৰ ভিতৰত সকলোতকৈ শিক্ষাৰ দ্বাৰা বা ইয়াৰ জৰিয়তে লাভ কৰা বিনিয়োগ৷
আয়ৰ উৎসৰ ক্ষেত্ৰত এটা নহয়, একাধিক ক্ষেত্ৰত আয়ৰ উৎস প্ৰস্তুত কৰক৷
গুণগত মানৰ ওপৰত জোৰ দিয়ক৷
কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰিব৷ সেয়ে দৈনন্দিন জীৱনত কৃতজ্ঞতা প্ৰকাশ কৰাৰ অনুশীলন কৰক৷
নিজকে কেতিয়াও কোনো অৱস্থাতে আনৰ সৈতে তুলনা নকৰিব৷ আনকি কোনো ব্যক্তিকে বেলেগ এজনৰ লগত তুলনা কৰিব নালাগে৷ ইয়াৰ দৰে বদঅভ্যাস আৰু নাই বুলিও পাৰি৷ মনত ৰাখিব প্ৰত্যেকজন মানুহে স্বতন্ত্ৰ৷ এজনৰ লগত আন এজনৰ তুলনা নহয়৷ কেৱল নিজৰ লগতহে নিজক তুলনা কৰক৷
নিজৰ সুখৰ চাবিকাঠী যিমানসম্ভৱ নিজৰ লগতে ৰাখক৷ নিজৰ কাৰণে নিজে যথেষ্ট হওক৷ অমুকে তমুক কৰিলে আপুনি সুখী হ’ব, এনে কোনো কথা নাই৷
ব্যৰ্থতা, বেয়া সময়ত নিজকে সহজ, স্বাভাৱিক কৰি ৰাখক৷ পৃথিৱীৰ কোনো মানুহে জীৱন কালত কেৱল সফলতা বা কেৱল সুখময় নহয়৷ ভাল-বেয়া উভয় জীৱনৰ স্বাভাৱিক অংশ৷
জীৱনত কনছিছটেন্সি অৰ্থাৎ সামঞ্জস্য খুব জৰুৰী৷ এদিনতে সকলো কাম কৰি তাৰ পাছত তিনিদিনলৈ কোনো কামত হাত নিদিয়া– এই কাৰ্যপদ্ধতিৰে জীৱনৰ বাটত বহুদূৰ আগুৱাব নোৱাৰি৷
নিজৰ কনফোৰ্ট জ’নক চেলেঞ্জ কৰক৷
মনত ৰাখিব কাৰোৰে বাবে জীৱন চিৰস্থায়ী নহয়, এটা নিৰ্দিষ্ট সময়ৰ বাবেহে৷ গতিকে সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ শিকক৷
নিজৰ লক্ষ্যক সৰু সৰু ভাগ কৰি আগবাঢ়ক৷
মনত ৰখা ভাল যে বন্ধুত্বৰ সম্পৰ্কও চিৰকাল নাথাকে৷ সময়ৰ লগে লগে মানুহৰ ইতিবাচক আৰু নেতিবাচক উভয় ভাবত সময়বোৰ সলনি হয়৷ মানুহে সময়ত এই পৰিৱৰ্তনবোৰ স্বাভাৱিকভাৱে গ্ৰহণ কৰাটোৱে মংগল৷.

LEAVE A REPLY

Please enter your comment!
Please enter your name here