সকলো প্ৰাণীয়েই নিজৰ কাম-কাজ সম্পন্ন কৰি এটা সময়ত টোপনি যায়৷ মানুহৰ বাদ দি আন প্ৰাণী যেনে গৰু, ঘোঁৰা, কুকুৰ আদি সকলোৱে নিজৰ কৰ্মবোৰ সম্পন্ন কৰি যেতিয়া ভাগৰুৱা হয়, তেতিয়া সিহঁত আপোনা আপুনি জিৰণি লয়, অৰ্থাৎ টোপনি যায়৷ জিৰণি বা ভাগৰ মৰাটো প্ৰাণীকুলৰ এটা অত্যাৱশ্যকীয় কাম৷ কিন্তু আমাৰ প্ৰাণীজগতত এনেকুৱা এবিধ প্ৰাণী আছে, যিয়ে নিজৰ জীৱনকালত এক ছেকেণ্ডো সময় জিৰণি নহয় অৰ্থাৎ কেতিয়াও টোপনি নামাৰে৷ আপোনাৰ চাগৈ নি(য় জানিবলৈ মন গৈছে যে এই অদ্ভুত প্ৰাণীবিধনো কি? ইয়াৰ উত্তৰত ক’ব লাগিব যে জীৱনকালত এক ছেকেণ্ডো জিৰণি নোলোৱা প্ৰাণীবিধ হৈছে পৰুৱা, যাক বহুতেই পিপৰা বুলিও কয়৷ পৰুৱাই গোটেই জীৱনত কেতিয়াও টোপনি নাযায়৷ বিজ্ঞানীয়ে দাবী কৰা অনুসৰি পৰুৱাই সিহঁতৰ জীৱনকালত মাত্ৰ ২৫০ বাৰ বিশ্ৰাম লয় কেইছেকেণ্ডমানৰ কাৰণে৷ এইখিনিতেই সিহঁতে শক্তি আহৰণ কৰি লয়৷ সাধাৰণতে পৰুৱাক উপনিৱেশকাৰী বা কলোনাইজাৰ বুলি কোৱা হয়৷ লাখ লাখ সংখ্যক পৰুৱাই এই কলনিত বাস কৰিব পাৰে৷ উল্লেখ্য যে পৰুৱা প্ৰায় ডাইনছ’ৰৰ দৰেই প্ৰাচীন প্ৰাণী৷ এই পৃথিৱীত ২০০,০০০ বছৰৰো বেছি সময় ধৰি পৰুৱাই বসবাস কৰি আহিছে৷ জানিবলগীয়া কথা যে পৰুৱাই নিজৰ মাজত ফেৰোমোন কেমিকেল ব্যৱহাৰ কৰি যোগাযোগ ৰক্ষা কৰি চলে৷ এই কেমিকেলৰ সহায়ত সিহঁতৰ নিজৰ মাজত খাদ্য সন্ধান তথা আন আন বিপদৰ সময়ত সাৱধান হ’বলৈ সংবাদ পঠিয়ায়৷ পৰুৱা হ’ল এদল শ্ৰমিক৷ পৰুৱাৰ সকলোতকৈ ডাঙৰ বৈশিষ্ট্যটো হ’ল যে সিহঁতে নিজৰ ওজনকৈ তিনিগুণ বেছি ওজন বহন কৰিব পাৰে৷ আনহাতে পৰুৱাৰ হাঁওফাঁও আৰু কাণ নাথাকে৷ ইহঁতে কম্পনৰ জৰিয়তে শব্দ শুনা পায়৷ আনহাতে পৰুৱাৰ পাকস্থলী দুটা, এটা খাদ্য খোৱাৰ কাৰণে আৰু আন