জিম, ৰেষ্টোৰাঁও কৰ’না সংক্ৰমণৰ কাৰণ হ’ব পাৰে

0
2191

বিশ্বৰ প্ৰায়ভাগ দেশতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ তৃতীয়টো ঢৌ পুনৰ আৰম্ভ হৈছে৷ কৰ’না ভাইৰাছৰ প্ৰথম পৰ্যায়ৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাবৰ লগে লগে সমগ্ৰ বিশ্বতে সময়সাপেক্ষে চৰকাৰ তথা প্ৰশাসনে লকডাউন ঘোষণা কৰিছিল৷ এনে অৱস্থাত জনসাধাৰণৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছিল আৰু জনজীৱনত যথেষ্ট পৰিমাণে ব্যাঘাত জন্মিছিল যদিও কৰ’না মহামাৰীৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাব কমিছিল৷ গোটেই বিশ্বতে লকডাউন শিথিল হোৱাৰ লগে লগে জনসাধাৰণৰ জীৱন-যাত্ৰা পুনৰ স্বাভাৱিক হৈ পৰে৷ বজাৰ-সমাৰ, দোকান-পোহাৰ সকলো খোল খাবলৈ আৰম্ভ কৰে৷ এনে সময়তে বিশ্বজুৰি কৰ’না মহামাৰীৰ তৃতীয়টো ঢৌ আৰম্ভ হৈছে৷ আশংকা কৰা হৈছে-- হোটেল, ৰেষ্টোৰাঁ, জিম আদিবোৰ পুনৰ খোলাৰ বাবেই কভিড-১৯ ৰ সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পাইছে৷ শেহতীয়াভাৱে ষ্টেণ্ডফ’ৰ্ড ইউনিভাৰ্ছিটি আৰু নৰ্থ ৱেষ্টাৰ্ন ইউনিভাৰ্ছিটিয়ে চলোৱা এক অধ্যয়নত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে৷ প্ৰায় ৯৮ নিযুত লোকক সামৰি কৰা উক্ত অধ্যয়নটোত তেওঁলোকৰ অৱস্থান জানিবলৈ ম’বাইল ডাটাৰ সহায় লোৱা হৈছিল৷ দিনটোৰ ভিতৰত এইসকল লোক ক’লৈ গৈছে আৰু ক’ত কিমান সময় ব্যয় কৰিছে– এই বিষয়ে সকলো তথ্য সংগ্ৰহ কৰিছিল৷ অধ্যয়নটোৰ পৰা দেখা গৈছিল যে জিম, ৰেষ্টোৰাঁলৈ যোৱাৰ লোকৰ সংখ্যাই আছিল অধিক৷ তথ্য মতে মিয়ামি চহৰত হোটেলৰ পৰা অধিক লোক কৰ’না সংক্ৰমিত হৈছে৷ জাৰ্নেল নেচাৰত প্ৰকাশিত অধ্যয়নটোত এইবুলি পূৰ্বানুমান কৰা হৈছে যে চিকাগোত ৰেষ্টোৰাঁসমূহ খুলি দিলে প্ৰায় ছয় লাখ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হ’ব৷ আনহাতে বেংকত হোৱা জনসমাগমৰ পৰাও কৰ’না ভাইৰাছ সংক্ৰমণ হাৰ বৃদ্ধি হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here