জিম কৰাৰ আগত ফিচ অইল গ্ৰহণ কৰা কিয় ভাল

0
36

ফিচ অইল হৈছে একপ্ৰকাৰৰ তেল, যাক মাছৰ তিছুৰ পৰা সংগ্ৰহ কৰা হয়৷ ইয়াক বিশেষকৈ তেলাল মাছৰ পৰা সংগ্ৰহ কৰা হয়৷ ইয়াৰ প্ৰচুৰ পৰিমাণে ওমেগা৩ ফেটি এচিড পোৱা যায়, যি আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজনীয়৷ আপুনি যদি তেলাল মাছ খাই ভাল নাপায়, তেন্তে ফিচ অইল টেবলেট বা চাপ্লিমেণ্টো গ্ৰহণ কৰিব পাৰে, যাতে আপোনাৰ শৰীৰত ওমেগা৩ ফেটি এচিডৰ অভাৱ পূৰণ হয়৷ পিছে ৱৰ্ক আউট কৰাৰ আগত ফিচ অইল গ্ৰহণ কৰিলে কি লাভ হয় আপুনি জানেনে?
ফিচ অইলত থকা ওমেগা৩ ফেটি এচিডে আপোনাৰ ষ্টেমিনা বৰ্তাই ৰখাত সহায় কৰে, যাতে শৰীৰচৰ্চাৰ মাজতে আপুনি ভাগৰি নপৰে৷
বডি বিল্ডিং কৰা লোকসকলে অধিক ওজন দাঙিবলগীয়া হোৱাৰ ফলত মাংসপেশী ফুলি উঠা বা বিষোৱা দেখা যায়৷ জিম কৰাৰ আগতে ফিচ অইল গ্ৰহণ কৰিলে ইয়াত থকা এণ্টিইনফ্লেমেটৰি গুণে মাংসপেশী ফুলি অহা আৰু বিষ কম কৰাত সহায় কৰে৷
ফিচ অইল শৰীৰৰ চৰ্বি দহনত বিশেষভাৱে কাৰ্যকৰী৷ এক অধ্যয়নৰ মতে দৈনিক ৬ গ্ৰাম ফিচ অইল গ্ৰহণ কৰিলে শৰীৰৰ অতিৰিক্ত ফেট কম কৰাত সহায়ক হয়৷
ফিচ অইলত থকা ওমেগা৩-এ শৰীৰৰ নতুন কোষ আৰু মাংসপেশী গঠন কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here