আইৰন, কেলচিয়াম আৰু কপাৰৰ দৰে জিংক আমাৰ শৰীৰৰ বাবে এক অত্যন্ত লাগতিয়াল খনিজ পদাৰ্থ৷ এজন ব্যক্তিক দৈনিক ১১ মিলিগ্ৰাম জিংকৰ প্ৰয়োজন হয়৷ বৃদ্ধাৱস্থাত খাদ্য সৰলীকৰণ কম হয় বাবে কিছু অধিক পৰিমাণত জিংক বাহিৰৰ পৰা ঔষধৰ ৰূপত যোগান ধৰিবলগীয়া হয়৷ নিৰামিষৰ তুলনাত আমিষ খাদ্যত জিংক বেছিকৈ থাকে৷ সতৰ্ক নহ’লে সম্পূৰ্ণ নিৰামিষভোজী লোক জিংকৰ অভাৱত ভোগাৰ সম্ভাৱনা থাকে৷ এনে লোকক জিংক থকা দৰব খাবলৈ দিবলগীয়া হয়৷ জিংক উপলব্ধ আমিষ খাদ্যসমূহ হ’ল সাগৰীয় মাছ যেনে– চালমন আৰু চাৰডিন মাছ বা চি-ফুড যেনে– অইষ্টাৰ, কেঁকোৰা ইত্যাদি৷ ৰঙা মাংস আৰু কণী৷ জিংক থকা নিৰামিষ খাদ্যসমূহ হ’ল– গাখীৰ আৰু ডেইৰী প্ৰডাক্ট, ফল-মূল আৰু শাক-পাচলিৰ উদাহৰণ হ’ল ঃ ডালিম, আনাৰস, তৰমুজ, আহোম বগৰী, নানাবিধ বেৰী আৰু পালেং, নহৰু, বীন৷ শুকান ফলৰ ভিতৰত কাজুত জিংক বুজন পৰিমাণৰ থাকে৷ বাদাম, আখৰুট, আলসী গুটি, তিল, ৰঙালাওৰ গুটিত জিংক থাকে৷ শৰীৰৰ সুৰক্ষা প্ৰণালী বা ইমিউনিটি ধৰি ৰাখিবলৈ জিংকৰ সদায় প্ৰয়োজন৷ তদুপৰি শৰীৰৰ বিভিন্ন এনজাইমৰ ক্ৰিয়াকলাপ চলাই যাবলৈ জিংকৰ প্ৰয়োজন৷ জিংকৰ দ্বাৰা চকুৰ দৃষ্টিশক্তিৰ উন্নতি হয়৷ জিংকৰ অভাৱত প্ৰজনন শক্তি হ্ৰাস হয়৷ সমীক্ষা মতে বিশ্বৰ ২৫ শতাংশ লোক জিংকৰ অভাৱত নানাবিধ অসুখত ভুগি থকা বুলি জনা যায়৷ মুখত বাৰে বাৰে ঘা হোৱা জিংকৰ অভাৱৰ বাবে হয়৷ আনহাতে নাকৰ ঘ্ৰাণশক্তি লোপ পোৱা অথবা খাদ্যত স্বাদ নোপোৱাৰ কাৰণো জিংকৰ অভাৱ৷ গৰমৰ দিনত কুঁহিয়াৰৰ ৰস সকলোৱে খাব লাগে৷ ইয়াত প্ৰচুৰ কেলচিয়াম, ক্ৰমিয়াম, কোবাল্ট, কপাৰ, মেগনেছিয়াম, মেংগানিজ, ফচফৰাছ, পটেছিয়াম আৰু জিংক উপলব্ধ৷