জানো আহক কোনবোৰ ফল ভিটামিন-বি ১২ ভাণ্ডাৰ

0
11

আমাৰ শৰীৰৰ বাবে ভিটামিন-বি১২ অপৰিহাৰ্য৷ আমি খোৱা খাদ্যবস্তুৰ জৰিয়তে শৰীৰে ভিটামিন-বি ১২ লাভ কৰে৷ এই ভিটামিন শৰীৰৰ বাবে খুবেই প্ৰয়োজনীয়৷ নাৰ্ভাচ ছিষ্টেমৰ সক্ৰিয়তা তথা সুস্থতাৰ বাবে এই ভিটামিন-বি১২ অতি লাগতিয়াল৷ আনহাতে চকুৰ দৃষ্টিশক্তি ঠিকে ৰাখিবলৈ তথা স্মৃতিশক্তি উন্নত কৰিবলৈ এই ভিটামিনে সহায় কৰে৷ উল্লেখ্য যে ভাৰতীয় লোকৰ ক্ষেত্ৰত অন্যতম শৰীৰত এই ভিটামিনৰ অভাৱ দেখা যায়৷ সেয়ে খাদ্য তালিকাত পৰ্যাপ্ত পৰিমাণে কিছু বিশেষ ফল অন্তৰ্ভুক্ত কৰিলে এই সমস্যা সমাধান হ’ব পাৰে৷ জানো আহক কোনবোৰ ফল নিয়মিতভাৱে খালে এই ভিটামিন-বি১২ অভাৱ পূৰণ হ’ব পাৰে৷ ভিটামিন-বি১২ অভাৱ পূৰণৰ ক্ষেত্ৰত আপেল এক নম্বৰ স্থানত আছে৷ ইয়াত মজুত থকা এই ভিটামিন-বি১২ৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে৷ এই তালিকাৰ দ্বিতীয় স্থানত থকা ফলবিধ হ’ল কল৷ কলত যথেষ্ট পৰিমাণে ভিটামিন-বি১২ থাকে, যিয়ে নাৰ্ভাছ ছিষ্টেম উন্নত হোৱাৰ সহায় কৰে৷ আন এবিধ সুস্বাদু ফল কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন-বি১২ পোৱা যায়৷ আনহাতে ফলৰ ৰজা আমে শৰীৰত এই ভিটামিন অভাৱ পূৰ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here