জানেনে ? ডাইন’ছৰতকৈও বেছি পুৰণি এই প্ৰাণীবিধ

0
351

পঁইতাচোৰা পৃথিৱীৰ সকলোতকৈ প্ৰাচীন কীট৷ ইয়াৰ দৰে পৃথিৱীত অদ্ভুত প্ৰাণী বা কীট সম্ভৱতঃ দ্বিতীয়বিধ হয়তো নোলাব৷ পঁইতাচোৰা ডাইন’ছৰতকৈও দৃঢ়৷ আপুনি যিমানে ভৰিৰে গচকি নিদিয়ক কিয় ইয়াক মাৰিব নোৱাৰে৷ এনে এবিধ বস্তু নোলাব যি পঁইতাচোৰাই নাখায়৷ আনহাতে পৃথিৱীৰ সকলোকে এই কীটবিধ বিৰাজমান৷ মুঠতে ইয়াৰ দৰে আচৰিত প্ৰাণী আৰু এই পৃথিৱীত নাই৷ আপুনি যদি পঁইতাচোৰা ঠেঙত ধৰে তেন্তে লগে লগে ছিঙি যায়৷ কিন্তু কিছু সময় পাছতেই সেই স্থানত নতুনকৈ ঠেং সৃষ্টি হয়৷ প্ৰকৃতিয়ে শক্ৰৰ হাতৰ পৰা ৰক্ষা পৰিবলৈ এই বিচিত্ৰ গুণ পঁইতাচোৰাক প্ৰদান কৰিছে৷ নিজকে বচাই ৰখাৰ এইসকলো গুণ পঁইতাচোৰা আছে যে পৃথিৱীত পৰমাণু যুদ্ধ হ’লেও এই প্ৰাণীবিধ বাচি থাকিব৷ এনে পৰিস্থিতিত অৱশ্যে এই প্ৰাণীবিধৰ লগতে এন্দুৰো বাচি থাকিব বুলি কোৱা হৈছে৷ গৱেষকসকলে কৈছে যে পঁইতাচোৰাৰ ক্ষুদ্ৰ শৰীৰ বিশালকাৰ ডাইন’ছ’ৰৰ তুলনাত ৩২ গুণ বেছি মজবুত তথা শক্তিশালী৷ ইয়াৰ উপৰি পঁইতাচোৰাই নিজৰ শৰীৰক আশ্চৰ্যজনকভাৱে সংকুচিত কৰিব পাৰে৷ ইয়াৰ কাৰণে একেবাৰে সৰু ফাকবোৰতো ই অনায়াসে সোমাই যাব পাৰে আৰু শক্ৰৰ পৰা আত্মৰক্ষা কৰিব পাৰে৷ পৃথিৱীৰ এনেকুৱা ঠাই নোলায় য’ত পঁইতাচোৰা নাই৷ সকলো ঠাইতে ইয়াৰ প্ৰভুত্ব বিস্তাৰ৷ সৰ্বত্ৰই বসবাসৰ লগতে এই প্ৰাণীবিধৰ ৰহস্যটো হ’ল সকলো খাদ্যই ই হজম কৰিবলৈ সক্ষম৷ প্ৰায় ৩৫ কোটি বছৰ ধৰি এই প্ৰাণীবিধ পৃথিৱীৰ বুকুত আছে৷ ইয়াৰ বহু বছৰ পাছতহে ডাইন’ছৰৰ জন্ম হৈছিল৷ কিন্তু ডাইন’ছৰে পৃথিৱীৰ ৰাজত্ব কৰি পাছত বিলুপ্তি হৈছিল যদিও পঁইতাচোৰাই আজিও এই পৃথিৱীত একেদৰে আছে৷ বিজ্ঞানীৰ মতে পঁইতাচোৰা আজিৰ যুগৰ হাজাৰ হাজাৰ কীটৰ পূৰ্বপুৰুষ৷ আ(ৰ্যকৰ কথা হ’ল এই কোটি কোটি বছৰৰ পাছতো পঁইতাচোৰা নামমাত্ৰও পৰিৱৰ্তন ঘটা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here