জানেনে কোন প্ৰজাতিৰ কুকুৰ আটাইতকৈ বুধিয়ক

0
52

কুকুৰক প্ৰভিভক্ত বুলি কোৱা হয়৷ গৰাকীক ৰখীয়া হিচাপে কাম কৰাত কুকুৰ সিদ্ধহস্ত৷ আনহাতে সৈন্য বাহিনীৰ কুকুৰক প্ৰশিক্ষণ প্ৰদান কৰি অপৰাধী চিনাক্ত কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়৷ প্ৰশিক্ষণ দিয়াৰ পাছত কুকুৰ সহজে আৰু কম দিনৰ ভিতৰতে সকলো কথা শিকি ল’ব পাৰে৷ কুকুৰ প্ৰভুভক্ত হোৱাৰ লগতে বুধিয়কো৷ কিন্তু আপুনি জানেনে কোন প্ৰজাতিৰ কুকুৰ আটাইতকৈ বেছি চতুৰ বা বুধিয়ক৷ সম্প্ৰতি নেচাৰ পত্ৰিকাত প্ৰকাশিত হৈছে এখন গৱেষণা পত্ৰ৷ যিখনত বিজ্ঞানীয়ে বিশ্লেষণ কৰিছে বিভিন্ন প্ৰজাতিৰ কুকুৰৰ বুদ্ধিমত্তা৷ এই গৱেষণাত কোৱা হৈছে যে বেলজিয়ান মেলিনোইচ বা বেলজিয়ান ছেফাৰ্ড প্ৰজাতিৰ কুকুৰ সামগ্ৰিক বুদ্ধিমত্তাৰ তালিকাত একেবাৰে শীৰ্ষত আছে৷ ফিনলেণ্ডৰ হেলচিংকি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ছাৰা জুনটিলাৰ নেতৃত্বত ১৩টা প্ৰজাতিৰ এহেজাৰটাতকৈও বেছি কুকুৰৰ ওপৰত এই গৱেষণা চলাইছিল৷ কোন প্ৰজাতিৰ কুকুৰ কৰ্ম সম্পাদন ভালদৰে কৰিব পাৰে, তাৰ ওপৰত ভিত্তি কৰি অনুসন্ধিৎসা, আৱেগপ্ৰৱণতা, সামাজিক জ্ঞান, স্থানিক সমস্যাৰ সমাধানৰ ক্ষমতা তথা স্মৃতিৰ দৰে বিভিন্ন বিষয়ক লৈ বিজ্ঞানীয়ে লক্ষ্য কৰিছিল৷ উক্ত গৱেষণা পত্ৰত বিজ্ঞানীয়ে জনাইছে যে বিভিন্ন প্ৰজাতিৰ কুকুৰ বিভিন্ন ধৰণৰ কমত দক্ষ৷ উদাহৰণ হিচাপে জানিবলৈ দিছে যে লাব্ৰাডৰ প্ৰজাতিৰ কুকুৰে মানুহৰ অভিব্যক্তি বুজাত অত্যন্ত দক্ষ৷ চেটলেণ্ড চেফাৰ্ডৰ দৰে কুকুৰে কোনো কামতে খুব ভাল নহয়, আৰু কোনো কামত বেয়াও নহয়৷ সকলো পৰীক্ষাতে প্ৰায় সমান ফলাফল পাইছে৷ কিন্তু বেলজিয়ান চেফাৰ্ডৰ প্ৰজাতিৰ কুকুৰে অধিকাংশ পৰীক্ষাতে অত্যন্ত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে৷ উক্ত সমীক্ষাত দ্বিতীয় স্থানত আছে বৰ্ডাৰ কুলী আৰু তৃতীয় স্থান লাভ কৰিছে হোভাৱাৰ্ট প্ৰজাতিৰ কুকুৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here