জানেনে? এই পাঁচবিধ মছলাইহৃদৰোগৰ সম্ভাৱনা কমাই ৰাখে

0
1296


আজিকালি হাৰ্ট সমস্যাত ভোগা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে৷ দৈনিক এই সংখ্যা ৰেখাডাল ক্ৰমাৎ ঊধবৰ্গতিত ফালেহে গতি কৰিছে৷ মুঠতে এতিয়া বিশ্বতে হাৰ্টৰ সমস্যাই ঘাতক হিচাপে দেখা দিছে৷ হাৰ্টৰ সঠিক যত্ন বা পৰিচৰ্যা নকৰিলে এই ঘাতকৰূপী সমস্যাত ভোগাটো খাটাং৷ হাৰ্ট হ’ল তেজ পাম্প কৰা এটা যন্ত্ৰ৷ এই যন্ত্ৰটোৱে গোটেই শৰীৰটোলৈ তেজৰ সৰবৰাহ কৰে৷ তাৰ পৰাই প্ৰতিটো কোষে অক্সিজেন আৰু পুষ্টি লাভ কৰে৷ এই কামটো বিৰামহীভাৱে হাৰ্টে কৰি থাকে৷ গতিকে শৰীৰৰ অত্যন্ত লাগতিয়াল অংগ হাৰ্টৰ সঠিক যতন লোৱা জৰুৰী৷ সেয়েহে হাৰ্টৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আমি কিছুমান মছলা দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে৷ জানো আহক হাৰ্ট সমস্যা নিৰাময়ৰ বাবে কি মছলা সেৱন কৰিব৷
আয়ুৰ্বেদত বছৰ বছৰ ধৰি নহৰু ব্যৱহাৰ হৈ আহিছে৷ এই মছলাজাতীয় খাদ্যবিধে বহু বেমাৰৰ বাবে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ নহৰুৱে তেজ তৰল কৰাত সহায় কৰে৷ হাৰ্টৰ স্বাস্থ্যৰ উন্নতিৰ বাবে নহৰু অতি উত্তম৷ ইয়াত থকা এলিছিন নামৰ উপাদানে ব্লাড ছাৰ্কুলেশ্যন সুস্থভাৱে পৰিচালনা কৰাত সহায় কৰে৷
শৰীৰৰ বাবে জিৰা এবিধ খুব উপকাৰী মছলা৷ এই মছলাবিধে শৰীৰৰ প্ৰদাহ তৈয়াৰ হোৱাত বাধা দিয়ে৷ সেয়েহে হাৰ্ট এটেকৰ দৰে সমস্যাৰ প্ৰতিৰোধ কৰাত সহায় কৰে৷ ইয়াৰ উপৰি ইয়াত এক বিশেষ এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে শৰীৰৰ কলেষ্টৰেল কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷
ভাৰতত অতি প্ৰাচীন কালৰে পৰা কেঁচা হালধি ব্যৱহাৰ হৈ আহিছে৷ হালধিত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট নামৰ উপাদান থাকে৷ যি উপাদানে শৰীৰত কলেষ্টৰেলৰ পৰিমাণ কমোৱাত সহায় কৰে৷ আনহাতে শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থ বাহিৰ কৰাত হালধিয়ে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে৷ যাৰ ফলত শৰীৰটোৱে বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰে৷ হাৰ্টৰ বিভিন্ন সমস্যাৰ বাবে কেঁচা হালধি উত্তম হিচাপে বিবেচিত হয়৷
আদাত জিঞ্জেৰল নামৰ এবিধ উপাদান থাকে৷ এইবিধ উপাদান আদাৰ এক্টিভ ইনগ্ৰেডিয়েণ্ট৷ এই উপাদানবিধে বিভিন্ন অসুখ দূৰ কৰাত সহায় কৰে৷ নিয়মিতভাৱে আদা খালে ৰক্তনলীত তেজৰ প্ৰবাহ সঠিকমতে হয়৷ যাৰ ফলত অহেতুক হৃদপিণ্ডত চাপ নপৰে, যিয়ে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে৷
মছলা হিচাপে জালুক বিভিন্ন গুণেৰে ভৰপূৰ৷ ইয়াত উপকাৰী এনজাইম আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ জালুকে শৰীৰ চৰ্বি কমোৱাক সহায় কৰে, যিয়ে ওজন হ্ৰাসত বৰঙনি যোগায়৷ ইয়াৰ ফলত হৃদযন্ত্ৰ বিভিন্ন বেমাৰৰ পৰা দূৰত থাকি সুস্থ সবল হৈ থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here