জানি হ’ব আচৰিত : শৰীৰৰ সকলোতকৈ বেছি অপৰিষ্কাৰ অংগ

0
27

মানৱ দেহ বিভিন্ন অংগৰ সমষ্টি৷ অৰ্থাৎ বিভিন্ন অংগৰ সংমিশ্ৰণত মানৱ দেহ গঠন হৈছে৷ নাক, কাণ, চকু, হাত, ভৰি পেট, আঙুলি, নাভি, ছাল আদি বিভিন্ন অংগৰ দ্বাৰা মানুহে এটা পূৰ্ণ ৰূপ লয় আৰু এইসমূহ অংগৰ কামো ভিন্ন ভিন্ন৷ এই অংগসমূহৰ ভিতৰত কোনটো অংগ আটাইতকৈ অপৰিষ্কাৰ তথা কোন অংগত আটাইতকৈ বেছি জীৱাণুৱে বাস কৰে৷ যাৰ জৰিয়তে শৰীৰৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ এই ক্ষেত্ৰত এই অংগটোৰ বিষয়ে জনা দৰকাৰ, নহ’লে শৰীৰৰ ক্ষতি হ’ব পাৰে৷ শৰীৰৰ বিভিন্ন স্থানত জীৱাণুৱে বাস কৰিলেও নাভিত আটাইতকৈ বেছি জীৱাণু থাকে আৰু নাভিক শৰীৰৰ আটাইতকৈ বেছি অপৰিষ্কাৰ অংগ হিচাপে ধৰা হয়৷ নাভি হ’ল এনে এটা অংগ, য’ত প্ৰচুৰ পৰিমাণে বেক্টেৰিয়া থাকে৷ পৰীক্ষাৰ পৰা দেখা গৈছে যে নাভিত শৰীৰৰ আন অংগৰ তুলনাত বেছি জীৱাণুৱে বাস কৰে৷ ভৰি, মূত্ৰনলীৰ মুখ বা পায়ুদ্বাৰৰ তুলনাত জীৱাণুৰে পৰিপূৰ্ণ নাভি আটাইতকৈ অপৰিষ্কাৰ অংগ৷ নাভিত শৰীৰৰ পৰা নিৰ্গত তেল, ঘাম, পিন্ধা কাপোৰত থকা ময়লা আদি জমা হয়৷ নিয়মিত পৰিষ্কাৰ নকৰাৰ ফলত এইধৰণৰ ময়লা জমা হৈ জীৱাণুৰ সৃষ্টি হয়৷ এইধৰণৰ ময়লাই দুৰ্গন্ধৰো সৃষ্টি কৰিব পাৰে৷ অপৰিষ্কাৰ নাভি সংক্ৰমণৰ কাৰণ হ’ব পাৰে৷ ইয়াৰ ফলত ছালৰ সমস্যা, ফাংগাছ ইনফেকশ্যন বা বেক্টেৰিয়াৰ সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ সেয়ে গা ধোৱাৰ সময়ত চাবোন তথা পানীৰে নাভি সদায় পৰিষ্কাৰ কৰিব লাগে৷ পৰিষ্কাৰ কৰাৰ পাছত ভালদৰে শুকাই ৰখাটোৰ ক্ষেত্ৰতো নজৰ দিব লাগে৷ নাভিত যেতিয়াই তেতিয়াই হাত লগাব নালাগে৷ অথবা নাভিত হাত দিলে পাছত হাতখন ভালদৰে ধুই ল’ব লাগে৷ অপৰিষ্কাৰ নাভিত হাত দিলে জীৱাণু হাত লাগি আহিব পাৰে আৰু পাছত সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here