বৰ্তমান মোবাইল ফোন অত্যধিক ব্যৱহাৰহাৰ্য সামগ্ৰীবোৰৰ ভিতৰত অন্যতম৷ আমাৰ জীৱন-প্ৰণালীত মোবাইল ফোন এক এবাৰ নোৱৰা সামগ্ৰী হৈ পৰিছে৷ বহুতেই আকৌ দিনটোৰ সৰহভাগ সময় মোবাইলতে ব্যস্ত থকা পৰিলক্ষিত হয়৷ ৰাস্তাৰে খোদকাঢ়ি যোৱা, মটৰ বাইক চলোৱাত, খোৱা-শোৱাৰ পৰা আৰম্ভ কৰি গা ধোৱা আনকি বাথৰূমলৈ যাওঁতেই হাতত মোবাইলটো নিয়া দেখা যায়৷ মানুহৰ মোবাইল ফোনৰ নিচা ইমানেই বৃদ্ধি পাইছে যে শৌচ, প্ৰস্ৰাৱ কৰিবলৈ যাওঁতেই মোবাইলটো সংগী হিচাপে থাকে৷ সম্প্ৰতি এক গৱেষণাত দেখা গৈছে যে ৮৭ শতাংশ ব্ৰিটিছ লোকে টয়লেট যাওঁতে মোবাইল ফোন ব্যৱহাৰ কৰে৷ ইয়াৰে আঠ শতাংশই নিয়মিতভাৱে টয়লেটলৈ যাওঁতে মোবাইল ফোন ব্যৱহাৰ কৰে৷ এনেদৰে টয়লেটত মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ জীৱনলৈ বিপদ আহিব পাৰে৷ এই কথা জনাইছে গৱেষকে৷ টয়লেটত মোবাইল ব্যৱহাৰ কৰাৰ বাবে আপুনি আক্ৰান্ত হ’ব পাৰে জটিল ৰোগত৷ যদি আপুনি টয়লেটত যোৱাৰ সময়ত মোবাইল ফোন বেছি ব্যৱহাৰ কৰে, আপোনাৰ পাইলছ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ এই বিষয়ে পেচেণ্ট ডট ইনফৰ ক্লিনিকেলৰ ডিৰেক্টৰ ডাঃ ছাৰা জাৰ্ভিছে কোৱা মতে মোবাইল ফোন ব্যৱহাৰ কৰাৰ কাৰণে বহু সময় ধৰি টয়লেটত থকা হয়৷ যাৰ ফলত পাইলছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক৷ বাথৰূমত সোমালে হাতত মোবাইল নিয়া মানে মোবাইলত ব্যস্ত থাকি টয়লেটত কিমান সময়ত কটোৱা হয় তাৰ হিচাপ নাই৷ এইদৰে বহু সময়ত ধৰি বহি থকাৰ ফলত সিৰা বা মলদ্বাৰত চাপ বৃদ্ধি পায়, যিয়ে পাইলছ ৰোগত অন্যতম প্ৰধান কাৰণ৷ সেয়েহে পাইলছ আক্ৰান্ত হোৱাৰ শংকা আঁতৰাবলৈ টয়লেটলৈ গ’লে মোবাইল ফোন কেতিয়াও হাতত নিনিব৷ টয়লেটত মোবাইল ফোনৰ ব্যৱহাৰ একেবাৰে কমাই দিলে এইধৰণৰ গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব৷