জাতীয় ফল হিচাপে কাজীনেমুক অসম চৰকাৰৰ স্বীকৃতি

0
795

অসমৰ জি আই টেগযুক্ত কাজী নেমুক ৰাজ্যৰ জাতীয় ফল হিচাপে স্বীকৃতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে৷ উল্লেখ্য যে অসমৰ কাজী নেমুৱে ২০১৯ চনতে জি আইৰ টেগ লাভ কৰিছিল৷ ইতিমধ্যে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষভাৱে সমাদৃত ঔষধি গুণসম্পন্ন অসমৰ কাজী নেমু ডুবাই, কাটাৰকে ধৰি বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি হোৱাৰ কথা মন্ত্ৰী বৰাই উল্লেখ কৰে৷ মানুহৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন, কেলৰি, আইৰন, পটেচিয়ামকে ধৰি নানা উপকাৰী উপাদান কাজী নেমুত থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সম্প্ৰতি ৰাজ্যখনৰ ১৫.৯০ হেক্টৰ কৃষিভূমিত কাজী নেমুৰ খেতি কৰা হয়৷ বছৰত একোজোপা কাজী নেমু গছৰ পৰা ১২০০ ফল দিয়াৰ কথা উল্লেখ কৰি মন্ত্ৰীজনে সদৰী কৰে যে ব্যৱসায়ীক ভিত্তিত কাজী নেমুৰ খেতি কৰাৰ উপৰি ৰাজ্যখনৰ প্ৰতিঘৰতে এজোপা বা দুজোপা কাজী নেমুৰ গছ উপলব্ধ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ এই অভিনৱ পদক্ষেপে স্বাস্থ্যৰ বাবে অতি উপকাৰী, সুগন্ধিযুক্ত কাজী নেমুৰ প্ৰতি দেশ-বিদেশৰ ক্ৰেতা তথা ব্যৱসায়ীক গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে ৰাজ্যখনত সংসাধিত কৃষি উদ্যোগ স্থাপনৰ পথ সম্প্ৰসাৰিত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here