প্ৰতিবছৰে দেশৰ অগণন লোক জলবাহিত ৰোগত আক্ৰান্ত হয়৷ যাৰ সৈতে মোকাবিলা কৰা কঠিন হৈ পৰিছে৷ পানী প্ৰদূষিত হোৱাটোৱে এই জলবাহিত ৰোগৰ অন্যতম কাৰণ হিচাপে ধৰা হয়৷ আনহাতে এতিয়া বৰ্ষাকালত বৰষুণৰ পৰিমাণ যথেষ্ট বেছি হয় আৰু এই পানীভাগ সকলোতে জমা হয়৷ এই জমা হোৱা পানীৰ পৰাই বিভিন্ন পেটজনিত সমস্যা দেখা দিয়ে৷ দূষিত পানা ব্যৱহাৰ তথা ইয়াৰ সংস্পৰ্শত থাকিলে জলবাহিত ৰোগৰ উপদ্ৰৱ ঘটে৷ শৰীৰৰ বিভিন্ন ৰোগে বাস কৰে আৰু যথেষ্ট ক্ষতিসাধন কৰে এই দূষিত পানীভাগে৷ এই ৰোগবিধ খোৱাপানী সেৱন, নলা-নৰ্দমা পৰিষ্কাৰ কৰা বা অন্যান্য কামত ব্যৱহূত পানীৰ পৰাই সংক্ৰমিত হয়৷ জলবাহিত ৰোগৰ উদাহৰণ হ’ল কলেৰা, আমাশয়, গিয়াৰ্ডিয়াছিছ তথা হেপাটাইটিছ ও আদি৷ সেয়ে জলবাহিত ৰোগৰ পৰা নিৰ্মূল তথা দূৰ থাকিবলৈ আপুনি ঘৰুৱাভাৱে এই উপায়বোৰ অৱলম্বন কৰিব পাৰে৷
প্ৰথমে লক্ষ্য কৰক আপুনি খোৱা পানীটুপিৰ উৎস পৰিষ্কাৰ হয় নে নহয়৷ যদি সন্দেহ হয়, তেন্তে পানী গৰম কৰিহে সেৱন কৰিব৷ অৱশ্যে আমি এনেও পানী গৰম কৰি ঠাণ্ডা হোৱাৰ পাছতে খাব লাগে৷ পানী গৰম কৰাৰ ফলত ইয়াত থকা অপকাৰী বেক্টেৰিয়া, ভাইৰাছৰ বীজাণু ধবংস হয়৷ আনহাতে যি পাত্ৰত পানী ৰখা হয় সেইটো নিয়মিতভাৱে পৰিষ্কাৰ কৰা দৰকাৰ৷ নহ’লে তাত শেলাই আদি জমা হৈ অনিষ্ট কৰিব পাৰে৷ ইয়াৰ উপৰি খোৱাপানী ৰখা পাত্ৰ সদায় ঢাকি ৰাখিব লাগে৷
নিয়মিতভাৱে তথা পুংখানুপুংখভাৱে কমপক্ষেও ৩০ ছেকেণ্ডৰ বাবে চাবোনেৰে ভালদৰে হাত ধোৱাৰ অভ্যাস কৰক৷ বিশেষকৈ খোৱাৰ আগত অথবা খোৱাৰ পাছত৷ ইয়াৰ উপৰিও বাথৰূমলৈ যোৱাৰ পাছতো অনুৰূপ ধৰণে হাত ধোৱাটো অত্যন্ত প্ৰয়োজন৷
মনত ৰাখিব ক্ষতিকাৰক জীৱাণু থকা নদী, পুখুৰী বা জলাশয় আজিত গা ধোৱাৰ পৰা বিৰত থাকক৷ যদি কেতিয়াবা বাধ্য হৈ এনেধৰণৰ গা ধুব লগা হয়, তেন্তে মুখ, নাক আৰু চকুৰে যাতে পানী নোসোমায়, সেয়া লক্ষ্য কৰক৷
বজাৰৰ পৰা অনা ফল-মূল, শাক-পাচলি আদি গৰম পানীৰে ভালদৰে ধুই লওক৷ আনহাতে খাদ্য বনাওঁতে সদায় পৰিষ্কাৰ বিশুদ্ধ পানীহে ব্যৱহাৰ কৰিব৷
জলবাহিত ৰোগ ৰোধ কৰিবলৈ হ’লে নিয়মিত বজ্যৰ্ পদাৰ্থ পেলাই দিব৷ ইয়াৰ লগতে ছেনিটাইজেশ্যনৰ প্ৰতি গুৰুত্ব দিয়া উচিত৷
ৰাসায়নিক সাৰ, কীটনাশক বা এনেজাতীয় কোনো ঔষধ ব্যৱহাৰ কৰোঁতে যাৱতীয় সাৱধানতা অৱলম্বন কৰক৷ খুব প্ৰয়োজন নহ’লে ৰাসায়নিক সাৰ বা কীটনাশক ব্যৱহাৰ নকৰাই ভাল৷