ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰ’ৱে পৰৱৰ্তী প্ৰজন্মৰ জলবায়ু পৰ্যবেক্ষণৰ কৃত্ৰিম উপগ্ৰহ ইনছেট ৩ ডি এছ সফলতাৰে উৎক্ষেপণ কৰে৷ অন্ধ্ৰ প্ৰদেশৰ হৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা এই জি এছ এল ভি এম কে-২ ৰকেটেৰে উপগ্ৰহটো উৎক্ষেপণ কৰা হয়৷ উৎক্ষেপণৰ ১৯ মিনিট ১৩ ছেকেণ্ডত উপগ্ৰহটো ৩৭০০০ কিলোমিটাৰ উচ্চতাত জিঅ’ছিংক্ৰনাছ ট্ৰেন্সফাৰ অৰবিট পায়গৈ৷ আনহাতে জি এছ এল ভিৰ অভিযান সন্দৰ্ভত ইছৰ’ৰ মুৰব্বী এছ সোমনাথে কয় যে দুষ্ট ল’ৰা এক বাধ্য, সংযমী পৰিপক্ব ল’ৰা হ’লগৈ৷ এই জি এছ এল ভি ৰকেট ইয়াৰ পাছত আমেৰিকাৰ সৈতে যুটীয়াভাৱে চলাবলগীয়া নিছাৰ অভিযানত নিয়োগ কৰিব৷ উল্লেখ্য যে ইনছেটৰ সম্পূৰ্ণ নাম হৈছে ইণ্ডিয়ান নেশ্যনেল ছেটেলাইট ছিষ্টেম৷ ৫২ মিটাৰ উচ্চতাৰ উৎক্ষেপণ কৰা এই কৃত্ৰিম উপগ্ৰহটোৱে ১০ বছৰ জলবায়ুৰ সঠিক তথ্য যোগান ধৰি থাকিব৷ এই উপগ্ৰহটোত আছে ইমেজাৰ আৰু ছাউণ্ডাৰ, ডাটা ৰিলে ট্ৰেন্সপণ্ডাৰকে ধৰি যোগাযোগৰ ব্যৱস্থা৷ এই কৃত্ৰিম উপগ্ৰহটোৱে বতৰৰ লগতে সন্ধান আৰু উদ্ধাৰৰ বাবে পৃথিৱীৰ বাৰ্তা আৰু তথ্য দিব৷