জলবায়ু পৰিৱৰ্তনৰ ফল : নেপালত গলিছে এক তৃতীয়াংশ হিমবাহ

0
264


পৃথিৱীৰ জল বায়ু পৰিৱৰ্তনৰ ফলত ভূমিকম্প, ছুনামি, বতৰৰ সাংঘাতিক পৰিৱৰ্তন, বৰষুণৰ পৰিমাণ হ্ৰাস আদি নানা প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হৈ আহিছে৷ আবতৰীয়া বান, ভূমিস্খলন আদিয়ে সৰ্বসাধাৰণ নাগৰিকক ত্ৰাহিমধুদূন সোঁৱৰাইছে৷ ইয়াৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ফলত মেৰু অঞ্চলতে ঘৰি হিমালয়ৰ হিমবাহত অস্বাভাৱিক গলনে বিশেষজ্ঞসকল চিন্তিত কৰি তুলিছে৷ শেহতীয়াভাৱে লাভ কৰা তথ্য মতে জলবায়ু পৰিৱৰ্তনৰ ফলস্বৰূপে নেপালৰ হিমবাহ এক তৃতীয়াংশ গলি শেষ হৈ গৈছে৷ এই সন্দৰ্ভত শংকা ব্যক্ত কৰি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে সদৰী কৰে যে এইদৰে হিমবাতৰ গলনৰ ধাৰা অব্যাহত থাকিলে এই হিমবাহ গলি শেষ হ’বলে ত্ৰিছ বছৰো সময় নালাগিব৷ আনহাতে কেন্দ্ৰীয় চৰকাৰৰ জল আয়োগৰ এক প্ৰতিবেদন মতে ২০০৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত হিমালয়ত হিমবাহ গলি সৃষ্টি হোৱা হ্ৰদৰ সংখ্যা অভাৱনীয় বৃদ্ধি পাইছে৷ এইদৰে হিমবাহসমূহ গলন ফলত নামতিৰ থকা নদীসমূহ জলস্তৰ বৃদ্ধি পাবলৈ ধৰিব আৰু আবতৰীয়া বান, খহনীয়া আদিৰ দৰে ভয়াৱহ সমস্যাই দেখা দিব৷ ইতিমধ্যে বিভিন্ন কাৰণত নদীসমূহ তৰাংসদৃশ হৈ গৈছেই আৰু এইদৰে হিমবাহ হলনৰ ফলত নদীৰ ভাৰ ক্ষমতা নোহোৱা হ’ব, যিয়ে প্ৰাকৃতিক দুৰ্যোগ হোৱাত সহায় কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here