১৯৯০ চনৰ আগভাগৰ পৰা পৃথিৱীৰ বৃহৎ হ্ৰদ
বোৰ আৰু জলভাণ্ডাৰবোৰৰ আধাতকৈও বেছি পানী শুকাবলৈ লৈছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল জলবায়ুৰ পৰিৱৰ্তন৷ হ্ৰদ
, জলভাণ্ডাৰবোৰৰ পানী ক্ৰমাৎ শুকাই যোৱাৰ কাৰণে কৃষি, জলবিদু্যৎ আৰু খাবৰ বাবে প্ৰয়োজনীয় পানীৰ সম্ভাব্য নাটনিৰ ক্ষেত্ৰত উদ্বেগ বাঢ়িছে৷ এটা অধ্যয়নৰ পৰা এই কথা প্ৰকাশ পাইছে৷ আন্তঃৰাষ্ট্ৰীয় গৱেষকসকলৰ এটা দলে পৃথিৱীৰ মিঠা পানীৰ কিছুমান অতি গুৰুত্বপূৰ্ণ উৎস প্ৰায় তিনি দশকত বছৰি ২২ গিগাটন হাৰত কমিছে৷ মিঠা পানীৰ অতি গুৰুত্বপূৰ্ণ উৎসবোৰৰ ভিতৰত আছে কাম্পিয়ান ছী, লেক টিটিকাকা আদি৷ আনহাতে বছৰি ২২ গিগাটন হাৰত পানী কমাৰ কাৰণে আমেৰিকাৰ বৃহত্তম জলভাণ্ডাৰ মীড হ্ৰদ
ৰ পানীৰ প্ৰায় ১৭ গুণ বেছি বুলি ক’ব পাৰি৷ ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ৰ গৱেষক ফেংফেং য়াঙৰ মতে জলবায়ু পৰিৱৰ্তনৰ বাবে আৰু খাবৰ বাবে মানুহে ব্যৱহাৰ কৰাৰ বাবে প্ৰাকৃতিক হ্ৰদ
বোৰৰ পানী ৫৬ শতাংশ কমিছে৷ জলবায়ু বিজ্ঞানীসকলে অনুমান কৰিছে যে জলবায়ু পৰিৱৰ্তনৰ কাৰণে পৃথিৱীৰ শুকান অঞ্চলবোৰ বেছি শুকান হৈ পৰিব আৰু সেমেকা অঞ্চলবোৰ বেছি সেমেকা বা পানীময় হৈ পৰিব৷ কিন্তু আন এক নতুন অধ্যয়নে সদৰী কৰা মতে জলবায়ু পৰিৱৰ্তনৰ ফলত সেমেকা অঞ্চলবোৰতো পানীৰ যথেষ্ট নাটনি হ’ব৷