জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অধ্যয়নৰবাবে ২০০ পৰিৱেশবিদৰ বিশ্ব ভ্ৰমণ

0
938


ব্ৰিটিছ বিজ্ঞানী চাৰ্লছ ডাৰউইনে আজিৰ পৰা দুশ বছৰৰ আগতে পৃথিৱী ভ্ৰমণ কৰিছিল৷ ডাৰউইনে ১৮৩১ চনত দক্ষিণ ইংলেণ্ডৰ পৰা জাহাজেৰে যাত্ৰা আৰম্ভ কৰিছিল আৰু এই ভ্ৰমণৰ জৰিয়তে তেওঁ ক্ৰমবিকাশৰ তত্ত্ব আগবঢ়াইছিল৷ এতিয়া তেওঁৰ এই যাত্ৰা অনুসৰণ কৰি ২০০গৰাকী পৰিৱেশবিদ ডাৰউইন ২০০ নামৰ এক যাত্ৰাত ওলাইছে৷ তেওঁলোকে দক্ষিণ ইংলেণ্ডৰ পৰাই যোৱা ১৫ আগষ্টত যাত্ৰা আৰম্ভ কৰিছে৷ ১০৫ বছৰ পুৰণি এখন জাহাজত তেওঁলোকে ডাৰউইন ২০০ অভিযান আৰম্ভ কৰে৷ এই যাত্ৰাকালত তেওঁলোকে প্ৰায় ৪০ হাজাৰ মাইল ভ্ৰমণ কৰিব আৰু ৩২টা স্থানত ৰ’ব৷ তেওঁলোকে ডাৰউইনৰ জাহাজ এইচ এছ এছ বিগল যোৱা সকলো স্থানলৈ যাব ডাৰউইন ২০০ গঠন কৰা ষ্টিৱাৰ্ট মকফাৰছনে৷ তেওঁলোকে প্ৰবাল প্ৰাচীৰত পৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অধ্যয়ন কৰিব৷ ইয়াৰ লগতে বন্য প্ৰাণীৰ প্ৰাকৃতিক নিৱাসত জলবায়ু পৰিৱৰ্তনে কৰা ক্ষতিৰ বিষয়েও অধ্যয়ন কৰিব বিজ্ঞানীৰ দলটোৱে৷ তেওঁলোকৰ আন এটা লক্ষ্য হ’ল মৰু অঞ্চল বৃদ্ধিত বাধা দিয়াৰ বাবে হাজাৰ হাজাৰ বৃক্ষ ৰোপণ কৰা৷ মকফৰছনে কয় যে তেওঁলোকৰ প্ৰধান উদ্দেশ্য হ’ল জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপায় উলিওৱাটো৷ ইয়াৰ জৰিয়তে পৰৱৰ্তী ভৱিষ্যৎ উন্নত কৰাত সহায় হ’ব৷ এই অভিযানত দুশজন তৰুণ বিজ্ঞানীক বাছনি কৰা হৈছে আৰু তেওঁলোকে জাহাজতে ভ্ৰমণৰ সময়খিনি কটাব৷ এই দলটো ভ্ৰমণত ওলোৱা জাহাজখন নেদাৰলেণ্ডৰ৷ তেওঁলোকে ডাৰউইনে ভ্ৰমণ কৰা গালাপাগোছ আৰ্কিপিলাগোৰ দৰে দূৰৱৰ্তী অঞ্চললৈও যাব৷ এই প্ৰকল্পৰ অন্যতম পৃষ্ঠপোষক হ’ল ডাৰউইনৰ পৰিনাতি ছাৰা ডাৰউইন৷ ব্ৰিটেইনৰ প্ৰখ্যাত প্ৰাইমেটালজিষ্ট জেন গুডালো ইয়াৰ লগত জড়িত হৈ আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here