জলবায়ুৰ পৰিৱৰ্তনে অনা ভাবুকিক লৈভাৰতত এক ব্যতিক্ৰমী সজাগতা

0
139


আই আই টি, ব’ম্বেৰ এজন অধ্যাপকে ২০২০ চনৰ শেষ ভাগৰ পৰা সৌৰশক্তিৰ বিষয়ে আৰু জলবায়ুৰ পৰিৱৰ্তনৰ পৰা অহা ভাবুকিৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ এখন সৌৰচালিত বাছেৰে সমগ্ৰ দেশ ভ্ৰমণ কৰি আছে৷ অধ্যাপক চেতন সিং সোলাংকীয়ে কয় যে অনাগত দিনত অন্য দেশসমূহৰ লগতে ভাৰতো জলবায়ুৰ পৰিৱৰ্তনৰ কু-ফলৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে৷ ভাৰতৰ সৌৰ পুৰুষ হিচাপে জনাজাত অধ্যাপকজনে তেওঁৰ ‘এনাৰ্জী স্বৰাজ্য যাত্ৰা’ অংশ হিচােপ মধ্য প্ৰদেশৰ ইন্দোৰত উপস্থিত হৈছেহি৷ তেওঁ কয় যে জলবায়ুৰ পৰিৱৰ্তনৰ বাবে প্ৰভাৱিত হ’ব পৰা দেশসমূহৰ ভিতৰত ভাৰতো আছে৷ দেশবাসীয়ে এইটো প্ৰত্যক্ষ কৰিছে যে জলবায়ুৰ পৰিৱৰ্তনৰ ফলত ভাৰতত আবতৰীয়া বৰষুণ আৰু অত্যধিক বান হৈছে৷ উল্লেখ্য যে জলবায়ুৰ পৰিৱৰ্তনৰ পৰা আহিব পৰা ভাবুকিৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ অধ্যাপক সোলাংকীয়ে আই আই টি-ব’ম্বেৰ পৰা দৰমহাবিহীন ছুটী লৈ ২০২০ চনৰ নৱেম্বৰ মাহত তেওঁৰ ‘এনাৰ্জি স্বৰাজ যাত্ৰা’ আৰম্ভ কৰিছিল আৰু তেওঁৰ এই অভিযান ২০৩০ চনলৈকে অব্যাহত থাকিব৷ অধ্যাপকজনে মন্তব্য কৰে যে কাৰ্বন নিৰ্গমণেই হৈছে জলবায়ুৰ পৰিৱৰ্তনৰ মূল কাৰক৷ জলবায়ুৰ পৰিৱৰ্তনৰ সমস্যাটো সৌৰশক্তিৰ দ্বাৰা সমাধান কৰিব পাৰি, কিন্তু সৌৰশক্তি উপযুক্তভাৱে ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ৷ সমগ্ৰ দেশত নিৰ্বিচাৰে বৃহৎ সৌৰশক্তি প্ৰকল্প স্থাপন কৰাটো সঠিক নহয়৷ স্থানীয় স্তৰত সৌৰশক্তি সৃষ্টি কৰি জনসাধাৰণক আত্মনিৰ্ভৰশীল কৰাটোহে উচিত৷ তেতিয়াহে শক্তি খণ্ডত ভাৰতে স্বৰাজ লাভ কৰিব আৰু ইন্ধনৰ বাবে অন্য দেশৰ ওচৰত নিৰ্ভৰশীল হ’ব নালাগিব৷ সোলাংকীয়ে কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here