জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ইতিমধ্যে বিশ্বত পৰিছে৷ ইয়াৰ ফলত বিশ্বৰ বিভিন্ন স্থানত বতৰে অস্বাভাৱিক ৰূপ ধাৰণ কৰিবলৈ লৈছে৷ বিগত কেইটা বছৰত হোৱা জলবায়ুৰ পৰিৱৰ্তনে বতৰ চক্ৰক সলনি কৰি পেলাইছে৷ ইয়াৰ ফলত আবতৰীয়া বৰষুণ, বান আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ লগতে পৃথিৱীৰ তাপমাত্ৰাও বৃদ্ধি পাবলৈ ধৰিছে৷ বৈজ্ঞানিকসকলে জলবায়ু পৰিৱৰ্তন তথা পৃথিৱীৰ উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ অহৰহ উপায়ৰ সন্ধান কৰি আছে৷ এতিয়া ইয়াৰ সৈতে জড়িত এক হতাশাজনক তথ্য লাভ কৰা হৈছে৷ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অহা ৫০ হাজাৰ বছৰলৈ অব্যাহত থাকিব৷ গ্ৰীন হাউছ গেছৰ নিৰ্গমণ হ্ৰাস নোপোৱাৰ ফলত যোৱা শতিকাৰ মাজভাগৰ পৰা চলিত শতিকালৈ বিশ্বৰ উষ্ণতা আধা ডিগ্ৰী বৃদ্ধি পাইছে৷ কিন্তু চলিত শতিকাৰ আৰম্ভণিৰ সময়ছোৱাতে বিশ্বৰ তাপমাত্ৰা ০.৫ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে৷ ইয়াৰ ফলত জলবায়ু পৰিৱৰ্তন বিশ্বৰ বাবে আটাইতকৈ ভয়াৱহ সমস্যাৰূপে পৰিগণিত হৈছে৷ এখন প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি যোৱা ৯ বছৰত পৃথিৱী আটাইতকৈ বেছি গৰম হৈছে৷ ইয়াৰ ফলত পৃথিৱীৰ পাৰিপাশ্বিৰ্ক তন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হ’বলৈ ধৰিছে৷ ঔদ্যোগীকৰণৰ আগতে পৃথিৱীৰ বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা আছিল ২৮০ পি পি এম৷ এতিয়া ইয়াৰ মাত্ৰা বৃদ্ধি পাইছে ৪২০ পি পি এমলৈ৷ বৈজ্ঞানিকসকলৰ মতে কাৰ্বনৰ নিৰ্গমণ যিকোনো উপায়েৰে নোহোৱা কৰিব লাগিব৷ ইয়াৰ লগতে সাগৰ আৰু বায়ু মণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড নোহোৱা কৰিব লাগিব৷ অনথ্যা পৃথিৱী ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব৷ বৈজ্ঞানিকসকলে প্ৰকাশ কৰা অনুসৰি পৃথিৱীত হোৱা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অহা ৫০ হাজাৰ বছৰলৈ অব্যাহত থাকিব৷