জলফাই আপুনি নাখায় নেকি? তেনে ভুল নকৰিব

0
1891

শীতকালত ৰ’দত বহি জলফাই খোৱাৰ সোৱাদেই সুকীয়া৷ জলফাই এবিধ গ্ৰীষ্মকালীন ফল৷ ইয়াৰ বৈজ্ঞানিক নাম এলিঅ’কাৰ্পাছ ছেৰাটাছ (Elaeocarpus serratus)৷ গা-গছডাল ১০-২০ মিটাৰ ওখ হয়৷ ইয়াৰ ফুলৰ সৌন্দৰ্য অসাধাৰণ৷

(১) গৱেষণাৰ পৰা দেখা হৈছে যে জলফাইত প্ৰচুৰ পৰিমাণ ভিটামিন-চি, খনিজ, ফাইবাৰ থাকে৷ প্ৰতি কিলোগ্ৰাম জলফাইত ৭০ কিলো কেলৰি খাদ্যশক্তি থাকে৷ ইয়াৰ লগতে শৰ্কৰা, কেলচিয়াম আদি পোৱা যায়৷
(২) শীতকালত জলফাই খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী৷ জলফাইৰ আচাৰৰ সোৱাদ অসাধাৰণ৷ ইয়াৰ পৰা বনোৱা আচাৰ ভাল নোপোৱা মানুহ নাই বুলিয়ে ক’ব পাৰি৷
(৩) ইয়াৰ উপকাৰিতাৰ ভিতৰত প্ৰধানকৈ– জলফাই-এ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে বাবে চৰ্দি, কাহ আদি দূৰ কৰাত সহায় কৰে৷
(৪) ডায়েবেটিছ ৰোগীৰ বাবে জলফাই এবিধ উপকাৰী ফল৷ জলফাই-এ শৰীৰৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷
(৫) যিসকলে গেষ্ট্ৰিকৰ সমস্যাত দীৰ্ঘদিন ভুগি আছে, তেওঁলোকে প্ৰতিদিনে এটাকৈ জলফাই খাওক৷
(৬) আনহাতে যিসকল আলচাৰৰ সমস্যাত ভুগি আছে, সেইসকলে নিয়মীয়াকৈ জলফাই খাই সুফল পাব পাৰে৷
(৭) নিয়মীয়াকৈ জলফাই খালে পিত্তথলীৰ পিত্তৰসে ঠিকমতে কাম কৰে৷ জলফাইত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷
(৮) জলফাই খালে চুলি সৰা বন্ধ হয় লগতে ইয়াৰ পৰা উৎপন্ন হোৱা অলিভ অইলে চুলি মজবুত আৰু মসৃণ কৰে৷
(৯) ভিটামিন-চি থকাৰ বাবে জলফাই ছালৰ বাবে অতি উপকাৰী৷
(১০) জলফাইৰ পৰা প্ৰস্তুত হোৱা অলিভ অইল খালে হাৰ্ট এটেকৰ সম্ভাৱনা কমে৷ শৰীৰৰ সুস্বাস্থ্য অটুট ৰখাৰ বাবে শীতকালত পোৱা এনে উপকাৰী ফলবিধ আমি খোৱাটো অতি দৰকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here