জলতাংক ৰোগ কিদৰে নোহোৱা কৰিব?

0
2805

জলতাংক বা ৰেবিজ মানুহ আৰু উষ্ণ ৰক্তৰ জন্তুৰ মগজুত একুউইড প্ৰদাহৰ সৃষ্টি কৰা এটা ভাইৰেল ৰোগ৷ ৰেবিজ ভাইৰাছ নামৰ জীৱাণুৰ দ্বাৰা এই ৰোগ সংক্ৰমিত হয়৷ বলিয়া কুকুৰ, মেকুৰী, শিয়াল আদি জন্তুৱে কামুৰিলে এই ৰোগ হয়৷ সংক্ৰমিত জন্তুৱে আন জন্তুক আঁচুৰিলেও জলতাংক ৰোগ বিয়পে৷ সংক্ৰমিত জন্তুৰ লেলাউতি, চকু, মুখ আৰু নাকৰ সংস্পৰ্শলৈ আহিলেও এই ৰোগ বিয়পে৷ ৰোগৰ লক্ষণসমূহৰ ভিতৰত কামোৰা ঠাইত বিষ হয়৷ কেইদিনমান পাছত জ্বৰ, মূৰৰ বিষ, গাৰ বিষ, শৰীৰৰ দুৰ্বলতা আদি দেখা দিয়ে৷ আক্ৰান্ত ৰোগীয়ে ভ্ৰম বকিবলৈ আৰম্ভ কৰে৷ দেহৰ মাংসপেশীৰ সংকোচন হয়৷ পোহৰ, শব্দ আদিলৈ ভয় কৰে, আন মানুহক কামুৰিবলৈ বিচাৰে৷ ইয়াৰ প্ৰতিষেধকৰ ব্যৱস্থা আছে যদিও কিছুমান ঘৰুৱা বিধান অৱলম্বন কৰিও ইয়াৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি৷

(১) বগা আকণৰ শিপা জালুকৰ লগত খুন্দি খালে বিষ কমে৷
(২) আকণৰ আঠাৰ লগত গুৰ, ক’লা তিল মিশ্ৰণ কৰি খাব লাগে৷
(৩) শিমলুৰ বীজ কলৰ মাজত সোমাই খালে আৰোগ্য লাভ কৰা যায়৷
(৪) ধতুৰা পাতৰ ৰসৰ লগত গুৰ আৰু গৰম গাখীৰ মিহলি কৰি খালে এই ৰোগ আৰোগ্য হয়৷
(৫) মছলাজাতীয় বস্তু খাব নালাগে৷
(৬) মাদকদ্ৰব্য, ধূমপান আদি সেৱন কৰিব নালাগে৷
(৭) আক্ৰান্ত অংশত চাবোন, ডেটল আদিৰে ধুই দিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here