শিশুৰ জন্মৰ ছয় মাহ পৰ্যন্ত মাত্ৰ মাকৰ গাখীৰহে একমাত্ৰ খাদ্য৷ ইয়াৰ পাছৰ বয়সত মাতৃদুগ্ধৰ উপৰি আন আন সুষম আহাৰ খাবলৈ নিদিলে শিশুৰ স্বাস্থ্য ভালে নাথাকে আৰু সঘনাই অপুষ্টিজনিত ৰোগত আক্ৰান্ত হয়৷ জানো আহক শিশুৰ দৈহিক বিকাশ তথা সুস্থতাৰ বাবে কেনেধৰণৰ খাদ্য খুওৱা উচিত৷ এটি শিশুৰ শাৰীৰিক বৃদ্ধি তথা মানসিক বিকাশ জীৱনৰ প্ৰথম বছৰত পৰৱৰ্তী বছৰবোৰৰ তুলনাত অতি দ্ৰুতভাৱে ঘটে৷ শিশুটিৰ জন্মৰ পাছতে মাকৰ গাখীৰৰ বাদে আন কোনো খাদ্য খুওৱাৰ প্ৰয়োজন নাই৷ কিন্তু ছয় মাহ পূৰ্ণ হোৱাৰ পাছত মাতৃদুগ্ধৰে সকলো চাহিদা পূৰ নহয় বাবে আন সুষম আহাৰ দিয়া প্ৰয়োজন হয়৷ শিশুৰ বয়স ছয় মাহ পূৰ্ণ হ’লে শিশুৰ স্বাস্থ্য ভালে ৰাখিবলৈ খাদ্য তালিকাত পৰিপূৰক খাদ্য হিচাপে এইবোৰ অন্তৰ্ভুক্ত কৰক৷
আলু আৰু দাইল সিদ্ধ কৰি খুওৱাৰ ব্যৱস্থা কৰক৷
বিভিন্ন প্ৰকাৰৰ শাক-পাচলি, চাউল, দাইল মিহলাই নৰমকৈ খিচিৰি বনাই খুৱাব পাৰে৷
দাইল বা গাখীৰত ৰুটী তিয়াই খুওৱা দিহা কৰক৷
বিভিন্ন প্ৰকাৰৰ দেশীয় ফল যেনে– আপেল, কমলা, কল, অমিতা, কঁঠাল, বেদনা, আম, আনাৰস, মধুৰিআম আদিৰ জুচ বনাই খুৱাব৷
ছয় মাহৰ পৰা পাঁচ বছৰলৈ শিশুক পাৰিবাৰিক পদ্ধতিৰে গাখীৰেৰে প্ৰস্তুত কৰা পায়স, চুজি ৰান্ধি খুৱাব পাৰে৷
মুৰ্গীৰ কণী সিদ্ধ কৰি দিব পাৰে৷
চিৰা, মুৰি বা ভাত গাখীৰেৰে নৰম কৰি দিনৰ যিকোনো সময়তে খুৱালে শিশুৰ স্বাস্থ্যৰ পক্ষে ভাল৷
শাক-পাচলিৰ সৈতে ভালদৰে ৰন্ধা মাছ ভালদৰে কাঁইট বাচি খুওৱাৰ দিহা কৰক৷
স্বাস্থ্য ভালে ৰখাৰ লগতে শিশুৰ শাৰীৰিক বৃদ্ধি তথা মানসিক বিকাশৰ বাবে অৱশ্যে খোৱাৰ সৈতে আয়ডিনযুক্ত নিমখ খুওৱা জৰুৰী৷