প্ৰাচীন ধৰ্মপুথি, কাব্যৰ পৰা আধুনিক গল্প, কবিতা, উপন্যাস, নাৰীৰ সৌন্দৰ্য বৰ্ণনা কৰালৈকে দাঁত দুপাৰিৰ কথা সচৰাচৰ আহে৷ হাজাৰ বছৰ আগতেও বা সাম্প্ৰতিক সময়ত নাৰী তথা পুৰুষ নিৰ্বিশেষে মুকুতাৰ দৰে স্বচ্ছ সুন্দৰ দাঁতৰ গঠনৰ সজ্জাত চাহিদা আছিল বৰ্তমানেও আছে৷ সুন্দৰ দাঁতৰ সৈতে ভুৱন ভুলোৱা হাঁহিটিয়ে সকলোকে আকৰ্ষিত কৰে বা মন জয় কৰে৷ নিয়ম অনুসৰি দিনে দুবাৰকৈ দাঁত ব্ৰাছ কৰিলে সেই আশা পূৰণ হয়৷ ছালৰ ৰুক্ষতাই যিদৰে অসন্তোষ দিয়ে ঠিক একেদৰে দাঁতৰ ক্ষেত্ৰতো একেটা কথাই৷ সেয়েহে দাঁতৰ সৌন্দৰ্য ৰক্ষা তথা সৌন্দৰ্য বৰ্ধনৰ এটা উপায় হ’ল জন্মগত দাঁতৰ গঠনত কিছু পৰিৱৰ্তন অনা৷ দাঁতৰ গাঁথনি বা সজ্জাৰ পৰিৱৰ্তন কৰিলে সৌন্দৰ্যৰ নতুন সংজ্ঞা প্ৰস্তুত কৰা সম্ভৱ হয়৷
দাঁতৰ বিষ, দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা আদি দাঁতৰ বিভিন্ন সমস্যাৰ বাবে চিকিৎসকৰ কাষ চপা উচিত৷ দাঁতৰ গঠন ঠিক কৰা বা দাঁতৰ কৃত্ৰিমভাৱে কিদৰে পৰিৱৰ্তন আনিব পাৰি সেই বিষয়ে জনাটো ভাল৷ দাঁত মূলতঃ দুই ধৰণৰ৷ প্ৰথম প্ৰাইমেৰী ডেণ্টিচিয়ান যাক গাখীৰৰ দৰে বোলা হয়৷ দুই পামাৰ্নেণ্ট ডেণ্টিচিয়ান অৰ্থাৎ সেই সময়ত মুখত ৩২টা দাঁত গজি সম্পূৰ্ণ হয়৷ এই সময়ছোৱাতে দাঁতৰ বিভিন্ন সমস্যাই দেখা দিয়ে৷ কাৰো ক্ষেত্ৰত দাঁতৰ মাজৰ ফাকৰ সৃষ্টি হয় বা এটা দাঁতৰ ওপৰতে অন্য এটা দাঁত গজে৷ আনহাতে কোনোবাৰ ক্ষেত্ৰত দাঁতৰ ওপৰ পাৰীৰ তুলনাত তলৰ পাৰী আগলৈ বাঢ়ি আহে৷ এইধৰণৰ সমস্যাৰ সমাধানৰ বাবে মূলতঃ অৰ্থডেণ্টিক ট্ৰিটমেণ্ট কৰাব লাগে৷ এয়ে দাঁতৰ সুন্দৰতা ৰক্ষা কৰে৷ দাঁতৰ ফাক গুচোৱাৰ উপায় হিচাপে ব্ৰেছেছ পদ্ধতি লোৱা হয়৷ ব্ৰেছেছ হ’ল ক্লিপৰ দৰে এটা সামগ্ৰী৷ যাৰ দ্বাৰা প্ৰত্যেকটো দাঁতৰ ওপৰত চাপ দিয়া হয়৷ আৰু এই চাপৰ প্ৰভাৱত দাঁতৰ স্বাভাৱিক গঠন ঘূৰি আহে৷ ব্ৰেছেছৰ বাদেও ভিনিয়াৰিং কৰিলে দাঁতৰ ওপৰত ক্ষয়প্ৰাপ্তি ৰোধ হয়৷ আনহাতে টিথ ব্লিছিং কৰিলে দাঁত চকচকীয়া হয়৷ দাঁতৰ ঔজ্জ্বল্য বাঢ়ে৷ মূলতঃ লেজাৰৰ সহায়ত ব্লিচিং কৰা হয়৷ ইয়াৰ উপৰি দাঁচৰ অন্য এটা চিকিৎসা হ’ল ব্ৰিজ৷ দাতৰ ক্ষয়, দাঁত নাথাকিলে বা দাঁত ভাঙিলে ব্ৰিজ কৰা হয়৷ এই ক্ষেত্ৰত যদি দাঁত ভঙা থাকে, তেনেহ’লে ৰুট কেনেল কৰি দাঁতৰ সুৰক্ষা দিয়া হয়৷ মুঠতে অস্বাভাৱিক দাঁতৰ চিকিৎসা পদ্ধতিৰে দাঁতৰ সৌন্দৰ্যতা ঘূৰাই আনিব পাৰি৷