জনসাধাৰণলৈ আহ্বান: সুযোগ পোৱা মাত্ৰকে ভেক্‌চিন লওক

0
1103

ভাৰতত কভিড-১৯ দৈনিক সংক্ৰমণ ক্ৰমাৎ কমিবলৈ লোৱাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক সঞ্চালক ডাঃ পুনম ক্ষেত্ৰপাল সিঙে এটা সতৰ্কবাণী দিয়ে আৰু জনসাধাৰণক আহ্বান জনায় যে সুবিধা পোৱা মাত্ৰকে যেন সকলোৱে কভিড-১৯ টিকা লয়৷ ডাঃ সিঙে কয় যে সংক্ৰমণ বৃদ্ধিৰ পৰা আমি পোৱা শিক্ষাটো হ’ল যে কোনো মূল্যৰ বিনিময়ত আমি সাৱধানতাসমূহ শিথিল কৰিব নোৱাৰোঁ৷ প্ৰথম সুবিধা পোৱা মাত্ৰকে আমি কভিড-১৯ টিকা লোৱা উচিত৷ পৰৱৰ্তী সংক্ৰমণৰ ঢৌ কেতিয়াকৈ হ’ব আমি ভৱিষ্যদ্বাণী কৰিব নোৱাৰোঁ যদিও আমি ইয়াক প্ৰতিৰোধ কৰিব পাৰোঁ আৰু আমি প্ৰতিৰোধ কৰিবই লাগিব৷ কভিড-১৯ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টা সন্দৰ্ভত মন্তব্য দি আৰু মহামাৰীৰ বিষয়ত সতৰ্ক হৈ থাকিবলৈ জনসাধাৰণক পৰামৰ্শ দি তেওঁ কয় যে সংক্ৰমণ বৃদ্ধিয়ে ইতিমধ্যে তীব্ৰ হেঁচাৰ সন্মুখীন হোৱা স্বাস্থ্য সেৱাত এটা গধুৰ বোজা দিছে৷ এতিয়া আমি সংক্ৰমণ ক্ৰমাৎ হ্ৰাস পোৱা দেখিবলৈ পাইছোঁ৷ ভাৰতত কিছুমান অংশত সংক্ৰমণ যথেষ্ট কমিছে৷ সেয়ে হ’লেও পৰিস্থিতি উদ্বেগজনক আৰু প্ৰত্যাহ্বানমূলক হৈয়েই আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here