জনসংখ্যা বৃদ্ধিৰ প্ৰস্তাৱ : তৃতীয় সন্তান জন্ম দিলে ৫০ হাজাৰ টকা

0
36

সম্প্ৰতি দক্ষিণ ভাৰতত জনসংখ্যা হ্ৰাসৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলুগু দেশম পাৰ্টিৰ নেতা এম চন্দ্ৰবাবু নাইডুৱে৷ আনকি এই বিষয়ে চিন্তা-চৰ্চাৰ কৰাৰ কথাও ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীজনে৷ ৰাজ্যখনত জনসংখ্যা বৃদ্ধিৰ বাবে উৎসাহ প্ৰদান কৰিবলৈ ঘোষণা কৰিছে যে এতিয়াৰে পৰা সন্তানসংখ্যা নিৰ্বিশেষে সকলো প্ৰসূতিয়ে মাতৃত্বকালীন ছুটী পাব৷ ইমান দিনে দুটি সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত মাতৃত্বকালীন ছুটী পাবলৈ সক্ষম হৈছিল৷ মুখ্যমন্ত্ৰী নাইডুৰ এই ঘোষণাৰ পাছতে আৰু এঢাপ আগুৱাই টিডিপিৰ সাংসদ আপ্পালা নাইডুৱে ঘোষণা কৰে যে তৃতীয় সন্তান জন্ম দিলে সন্তান জন্মা দিয়া মাতৃগৰাকীক দিয়া হ’ব ৫০ হাজাৰ টকাৰ ফিক্সড ডিপ’জিট৷ আনহাতে পুত্ৰ সন্তান হ’লে অতিৰিক্ত হিচাপে দিয়া হ’ব এটা গৰু৷ এটা অনুষ্ঠান এই কথা ঘোষণা কৰে সাংসদ আপ্পালাই৷ তেওঁ লগতে এই কথাও জানিবলৈ দিয়ে যে এই ধনৰাশি তথা পুৰস্কাৰ চৰকাৰৰ ফালৰ পৰা নহয়, বৰঞ্চ তেওঁৰ নিজা পুঁজিৰ পৰা প্ৰদান কৰা হ’ব৷ সাংসদগৰাকীৰ এনে ব্যতিক্ৰমধৰ্মী প্ৰস্তাৱ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱেও সাংসদগৰাকীৰ এই ঘোষণাক প্ৰশংসা কৰিছে৷ জনসংখ্যা বৃদ্ধিৰ সপক্ষে বক্তব্য প্ৰদান কৰি নাইডুৱে কয় যে এটা সময়ত আমিয়েই পৰিয়াল পৰিকল্পনাৰ বাবে আঁচনি লোৱা হৈছিল৷ কিন্তু যিদৰে জনসংখ্যা হ্ৰাস পালে, সেই কথাত চিন্তিত হৈ এইবাৰ জনসংখ্যা বৃদ্ধিৰ বাবে উৎসাহ দিয়াৰ ক্ষেত্ৰত নগদ ধন আৰু উপহাৰ হিচাপে গৰু দিয়াৰ কথা ঘোষণা কৰা হয়৷

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here