জটিল সমস্যা সমাধানতবুদ্ধিমান লোকে সময় লয়

0
398


বুদ্ধিমান লোকে সাধাৰণতে ক্ষিপ্ৰতাৰে চিন্তা-চৰ্চা কৰে, কিন্তু জটিল সমস্যা সমাধান কৰাৰ সময়ত তেওঁলোকৰ মগজুৱে অধিক সময় লয়৷ শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ নেচাৰ কমিউনিকেশ্যনত প্ৰকাশ পোৱা এই অধ্যয়নটো কৰিছিল জাৰ্মানিৰ বাৰ্লিন ইন্‌ষ্টিটিউট অব্‌ হেল্‌থ আৰু বাৰ্লিনৰ চাৰিটে ইউনিভাৰ্ছিটাটছমেডিজিনে৷ এই অধ্যয়নটো ৬৫০গৰাকী লোকৰ কোনো বিষয়ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মগজুৰ সক্ৰিয়তা আৰু প্ৰণালীক লৈ চলোৱা হৈছিল৷ অধ্যয়নটোৰ পৰা জানিব পৰা মতে, যিসকল লোকৰ মগজুৰ বিভিন্ন অংশৰ মাজত সমন্বয় নাথাকে তেওঁলোকে অতি কম সময়ৰ ভিতৰত সিদ্ধান্তত উপনীত হয় আৰু মগজুৰ বাকী অংশক সমস্যাটো সমাধানৰ বাবে প্ৰয়োজনীয় তথ্য লাভৰ প্ৰক্ৰিয়াটোক সম্পূৰ্ণ হ’বলৈ নিদিয়ে৷ কিন্তু বুদ্ধিমান লোকৰ মগজুৰ বিভিন্ন অংশ সক্ৰিয় হৈ পৰে আৰু লগতে কঠিন সমস্যা সমাধান কৰোঁতে ভুলো কম কৰে৷ বিজ্ঞানীসকলে ১০ হাজাৰ নিউৰন আৰু প্ৰতিটো নিউৰনৰ হাজাৰ হাজাৰ সম্পৰ্কৰ বিষয়ে তথ্য লাভৰ চেষ্টা কৰিছিল৷ এই অধ্যয়নটো কৰা গৱেষকৰ দলটোক নেতৃত্ব দিয়া অধ্যাপক পেট্ৰা ৰিটৰৰ মতে তেওঁলোকৰ এই প্ৰকল্পটোৰ লক্ষ্য আছিল মগজুৰ সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াৰ কাৰ্য আৰু মানুহে ভিন্ন ধৰণেৰে সিদ্ধান্ত লোৱাৰ কাৰণ সম্পৰ্কে জনাটো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here