জঘন্য কাণ্ড: কভিড ৰোগীৰ দেহ দলিয়ালে নদীত

0
1235

ভিডিঅ’টোত পি পি ই কিট পৰিহিত দুজন লোকে ৰাপ্তি নদীৰ দলঙত মৃতদেহটো দাঙি লৈ বডি বেগৰ পৰা দেহটো উলিয়াবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা হয়৷

কভিড ৰোগত মৃত ব্যক্তিক লৈ বিভিন্ন সময়ত বিভিন্ন বাতৰি পোৱা গৈছে৷ চিকিৎসালয়ত এম্বুলেঞ্চৰ অভাৱত মৃত কৰ’না ৰোগীক পুত্ৰ-জোঁৱায়েকে মটৰ চাইকেলৰ মাজত বহুৱাই নিয়া, অট’ৰিক্সাত নিয়া আনকি কান্ধত দাঙি নি সৎকাৰ কৰাৰ বাতৰিও পোৱা গৈছে৷ এইবাৰ আকৌ কভিড-১৯ত মৃত্যু হোৱাৰ লোকৰ শৱদেহক লৈ সৃষ্টি হোৱা আন এক খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাটো ঘটিছে উত্তৰ প্ৰদেশত৷ উত্তৰ প্ৰদেশৰ বলৰামপুৰত এজন কভিড-১৯ ৰোগীৰ মৃতদেহ নদী এখনত দলিয়াই পেলাই দিয়াৰ এটা জঘন্য ভিডিঅ’ পোহৰলৈ অহাৰ পাছত সকলোৱে একমুখে ধিক্কাৰ দিছে৷ ইফালে উক্ত মৃত লোকজনৰ পৰিয়ালৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়ন কৰা হৈছে৷ জানিব পৰা মতে, এখন গাড়ীত গৈ থকা কেইজনমান লোকে এই কাণ্ডটো দেখিবলৈ পায় আৰু লগে লগে তাৰ এটা ভিডিঅ’ লয়৷ ভিডিঅ’টো এতিয়া ভাইৰেল হৈ পৰিছে৷ ভিডিঅ’টোত পি পি ই কিট পৰিহিত দুজন লোকে ৰাপ্তি নদীৰ দলঙত মৃতদেহটো দাঙি লৈ বডি বেগৰ পৰা দেহটো উলিয়াবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা হয়৷ পাছত বলৰামপুৰৰ মুখ্য চিকিৎসা বিষয়া ভি বি সিঙে নিশ্চিত কৰে যে দেহটো এজন কভিড ৰোগীৰ আৰু আত্মীয়সকলে দেহটো নদীখনত পেলাই দিছিল৷ ৰোগীজনক ২৫ মে’ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু ২৮ মে’ত তেওঁৰ মৃত্যু হৈছিল৷ চিকিৎসালয়ত কভিড প্ৰট’কল মানি দেহটো তেওঁৰ আত্মীয়সকলক চমজাই দিয়া হৈছিল৷ প্ৰাথমিক অনুসন্ধানৰ পৰা ওলাই পৰিছে যে আত্মীয়সকলে দেহটো নদীখনত দলিয়াই পেলাই দিছিল৷ ঘটনাটো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here