‘ছুপাৰ ফুড’ চজিনাৰ পাত খোৱাৰ নিয়ম জানি থওক

0
6

চজিনা এবিধ পুষ্টিকৰ স্বাস্থ্য উপকাৰী খাদ্য৷ চজিনা যিমান উপকাৰী, সিমানেই ইয়াৰ পাতৰো আছে স্বাস্থ্য উপযোগী গুণাগুণ৷ সাধাৰণতে চজিনাৰ পাত আমি সৰু গুটি আলুৰ সৈতে কৰকৰীয়াকৈ ভাজি খাই ভাল পাওঁ যদিও তলত উল্লেখ কৰা প্ৰণালীসমূহেৰে চজিনা পাত খালে পুষ্টি লাভ কৰিব পাৰে৷ জানো আহক কিদৰে চজিনা পাত খোৱা স্বাস্থ্যৰ কাৰণে উপকাৰী৷
প্ৰতিদিনে পুৱা এচামুচ চজিনা পাতৰ গুৰি গাখীৰ বা ফলৰ সৈতে ব্লেণ্ড কৰি সেৱন কৰক৷ এই অভ্যাসে স্নায়ুকোষ সুগঠিত কৰে আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়৷
যিকোনো তৰকাৰী বা চবজি ৰন্ধাৰ পাছত এচামুচ চজিনা পাতৰ গুৰি তাত মিহলাই দিব৷ ইয়াৰ ফলত তৰকাৰীখনৰ সুগন্ধি আৰু পুষ্টি দুয়োটাই পাব৷
দৈৰ লগত এচামুচ চজিনাৰ পাউডাৰ মিহলাই চালাড হিচাপেও খাব পাৰে৷ ইয়াৰ ফলত হজম শক্তি উন্নত হয়৷
শাক বা চিকেন চুপৰ সৈতে এচামুচ চজিনা পাতৰ গুৰি মিহলাই অলপ গৰম কৰি খালে শাৰীৰিক অসুখৰ সহকাৰী উপাদান হিচাপে কাম কৰে৷
আটাৰ লগত চজিনাৰ পাতৰ গুৰি মিহলাই পৰঠা, ৰুটী বনাই খালে প্ৰ’টিন আৰু আইৰন বৃদ্ধিত সহায় কৰে৷
ফ্ৰাইং পেন গৰম কৰি সামান্য মথি চজিনা পাতৰ পাউডাৰ গৰম কৰি, তাৰ পাছত গাখীৰৰ সৈতে মিহলাই খালে কফজনিত সমস্যাৰ পৰা সকাহ পাব পাৰে৷
কেঁচা চালাডৰ লগত এচামুূচ চজিনা পাতৰ গুৰি ছটিয়াই তাত ভিনেগাৰ-অইল ড্ৰেচিং দিব৷ ছালৰ উজ্জ্বলতা তথা সতেজতা বৃদ্ধি হয়৷ ইয়াৰ লগতে ডায়েবেটিছ নিয়ন্ত্ৰণত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷
মিঠা দৈৰ লগত এচামুচ চজিনা পাতৰ গুৰি মিহলাই ঠাণ্ডা কৰি সেৱন কৰিলে স্তনদায়ী মাতৃৰ কেলচিয়াম, আইৰন বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here