ছুপাৰফুড কঁঠালে স্বাস্থ্যৰকিদৰে উপকাৰ সাধন কৰে

0
375


এই সময়খিনি বজাৰত চাৰিওফালে কঁঠাল আৰু কঁঠাল৷ অতি সুস্বাদুৰে ভৰা কঁঠাল সকলোৰে প্ৰিয় এবিধ ফল৷ ইয়াৰ গোন্ধে সকলোকে আকৰ্ষণ কৰে৷ কঁঠালৰ সোৱাদ তথা গোন্ধে যেনেদৰে সকলোকে আকৰ্ষণ কৰে, ঠিক তেনেকৈ এই ফলবিধৰ আছে যথেষ্ট উপকাৰী গুণ৷ পুষ্টিগুণেৰে ভৰপূৰ কঁঠাল বিভিন্ন ধৰণে খোৱা হয়৷ পকিলে ইয়াৰ কোঁহবোৰ এৰুৱাই বা এই কোঁহবোৰ চেকি ৰস উলিয়ায়ো বহুতে ভাতৰ সৈতে খায়৷ অত্যন্ত মিঠা এই ফলবিধে আমাৰ শৰীৰৰ কাৰণে কিদৰে উপকাৰ সাধে জানো আহক৷
ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ কঁঠালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ ইয়াৰ উপৰি বিভিন্ন সংক্ৰমণ প্ৰতিহত কৰাত শক্তি বৃদ্ধি পায়৷
কঁঠালত যথেষ্ট পৰিমাণে পটেচিয়াম পোৱা যায়৷ এই ফলে হৃদযন্ত্ৰ সুস্থ ৰখাত সহায় কৰে৷ তেজৰ সংবহন পদ্ধতি উন্নত কৰাত কঁঠালে সহায় কৰে৷
কঁঠাল পৰিমিত পৰিমাণে গ্ৰহণ কৰিলে পৰিপাক ক্ৰিয়াত সহায় কৰে৷ কিয়নো কঁঠালত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে৷
কঁঠালৰ এণ্টিঅক্সিডেণ্টে শৰীৰক টক্সিনমুক্ত কৰি ৰখাত সহায় কৰে৷ যাৰ ফলত কেঞ্চাৰৰ আশংকা কম থাকে৷ অৰ্থাৎ কঁঠালে কেঞ্চাৰ প্ৰতিৰোধী হিচাপে কাম কৰে৷
ভিটামিন-এ সমৃদ্ধ কঁঠাল চকুৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে৷ কঁঠালে খালে চকুৰ দৃষ্টিশক্তি উন্নত হয়৷ চকুত ছানি পৰা তথা চকুৰ অন্যান্য বিকাৰত কঁঠালে প্ৰতিহত কৰিব পাৰে৷
কঁঠালে শৰীৰৰ অকাল বাৰ্ধক্য তথা জৰাৰ চাপক নিয়ন্ত্ৰণ কৰিব পাৰে৷
কঁঠালৰ যথেষ্ট পৰিমাণে কেলচিয়াম থাকে, যিয়ে হাড় মজবুত কৰাৰ লগতে হাড়ৰ জটিল ৰোগৰ আশংকা কমাই ৰাখে৷
থাইৰয়েড তথা প্ৰদূষণৰ ফলত হোৱা হাঁপানি জাতীয় ৰোগ প্ৰতিৰোধ কৰিব পাৰে কঁঠালে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷
ইয়াৰ উপৰি কঁঠালে শৰীৰক শক্তিৰ যোগান ধৰে৷ কঁঠাল খোৱাৰ ফলত শৰীৰৰ শক্তি বৃদ্ধি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here