ছুগাৰ নিয়ন্ত্ৰণত অত্যন্ত উপকাৰী পশ্চিমোত্তাসন

0
16

ছুগাৰ বা ডায়েবেটিছ ৰোগ যাক ছাইলেণ্ট কিলাৰ বুলি কয়, দিনক দিনে এই ৰোগৰ বিস্তাৰ বিশ্বজুৰি অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ মানৱ দেহৰ সুস্বাস্থ্যৰ বাবে বৰ্তমান সময়ত হেঙাৰ হিচাপে থিয় দিছে এই ডায়েবেটিছ ৰোগে৷ শিশু-যুৱক-বৃদ্ধ কোনেও ৰেহাই পোৱা নাই এই ৰোগৰ আক্ৰমণৰ পৰা৷ আজিৰ দিনত এই ৰোগৰ ভয়াৱহতাই সকলোকে ভবাই তুলিছে৷ সেয়ে মানুহৰ সুস্থতাৰ বাবে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাটো জৰুৰী হৈ পৰিছে৷ স্বাস্থ্য সচেতন লোকে ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ জীৱনশৈলীৰ পৰিৱৰ্তন, শৰীৰচৰ্চা, খাদ্যত তালিকাৰ সংশোধন বিভিন্ন পন্থা লয়৷ অৱশ্যে ডায়েবেটিছ ৰোগক দূৰতে বিদূৰ কৰিবলৈ হ’লে যোগব্যায়ামৰ অভ্যাস কৰিব পাৰে৷ নিয়মিতভাৱে কৰা যোগাসনে ডায়েবেটিছক পৰাজিত কৰি জীৱনযাত্ৰা সুচাৰুৰূপে নিয়াবলৈ সহায় কৰে৷ ডায়েবেটিছ নিয়ন্ত্ৰণ তথা এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ পশ্চিমোত্তাসন আসন কৰাৰ অভ্যাস কৰক৷
কিদৰে কৰিব পশ্চিমোত্তাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মেট বা মাটিত বহি লওক৷ তাৰ পাছত ভৰি দুখন আগলৈ দীঘলকৈ মিলি ধৰক৷ এতিয়া আপু্‌নি আগলৈ হাউলি আহি মূৰটো লাহে লাহে ক্ৰমে আঁঠুত লগাই দিব আৰু হাত দুখনেৰে ভৰিৰ গোৰোহাত ধৰি থাকক৷ এনে অৱস্থাত আপোনাৰ পেট, হাত, ভৰি সম্পূৰ্ণ মিলি যোৱাৰ দৰে হয়৷ এইদৰে কিছু সময় ৰৈ পাছত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷ আসন কৰাৰ সময়ত শ্বাস-প্ৰশ্বাস স্বাভাৱিক ধৰণে লওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here