ছুগাৰৰ লেভেল কিমান হ’লে আপুনি ডায়েবেটিক

0
94

বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে ডায়েবেটিছৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পাইছে৷ শতকৰা হিচাপত চালে প্ৰায় সমসংখ্যক লোকেই ডায়েবেটিছৰ চিকাৰ হৈছে৷ শৰীৰত এই ডায়েবেটিছ পৰিমাণ তথা শৰীৰত ছুগাৰৰ পৰিমাণ জুখিবলৈ যন্ত্ৰ ব্যৱহাৰ কৰা হয় আৰু শৰীৰত থকা ছুগাৰৰ মাত্ৰা আমি জানিবলৈ পাওঁ৷ ডায়েবেটিছ ৰোগৰ ক্ষেত্ৰত এইটো এটাস্বাভাৱিক প্ৰক্ৰিয়া৷ কাৰণ ছুগাৰৰ মাত্ৰা নিৰূপণ কৰিহে ঔষধৰ খোৱাৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়৷ অৱশ্যে এজন সুস্থ লোক তথা ডাটেবেটিছ নোহোৱা লোকেই তেওঁৰ শৰীৰত ছুগাৰৰ পৰিমাণ কিমান, তাক জনাটো অতি প্ৰয়োজন৷ তেজৰ শৰ্কৰাৰ পৰিমাপ কৰাৰ কাৰণে খালী পেট, খোৱাৰ পাছত তথা HbA1c অৰ্থাৎ গত তিনি মাহৰ– এই তিনি সময়ত নিৰ্ধাৰণ কৰা হয়৷ আৰু এই তিনিটা সময়ত আপোনাৰ শৰীৰৰ শৰ্কৰাৰ পৰিমাণ বেলেগ বেলেগ হয়৷ সেয়ে এই কথাটো জনা উচিত যে এই তিনি সময়ত শৰীৰত কিমান পৰিমাণৰ শৰ্কৰাৰ মাত্ৰা হোৱাটো দৰকাৰ৷ ব্যক্তি এজনৰ বয়স, লিংগ তথা স্বাস্থ্যৰ অৱস্থা অনুযায়ী শৰীৰত শৰ্কৰাৰ স্বাভাৱিক মাত্ৰাৰ তাৰতম্য ঘটিব পাৰে৷ এজন সাধাৰণ মানুহ তথা ডায়েবেটিছ ৰোগীৰ তেজৰ শৰ্কৰাৰ স্বাভাৱিক মাত্ৰা সম্পৰ্কে জানো আহক৷ খালী পেটত ৰক্ত শৰ্কৰাৰ মাত্ৰা সাধাৰণ লোকৰ ক্ষেত্ৰত ৭০-৯০ মিগ্ৰা/ডিএল আৰু ডায়েবেটিক হোৱাৰ দৰে অৱস্থাত ১০০ৰ পৰা ১২৫ মিগ্ৰাযডিএল আৰু ডায়েবেটিক হ’লে ১২৬ মিগ্ৰা/ডিএল বা তাৰ বেছি হয়৷ পুৱা খালী পেটত ৰক্ত শৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰা ভাল, যেতিয়া আপুনি কমপক্ষেও আঠ ঘণ্টা একো নাখায়৷ খালী পেটত ৰক্ত শৰ্কৰাৰ মাত্ৰা ইনছুলিনৰ প্ৰতি আপোনাৰ শৰীৰৰ সংবেদনশীলতা প্ৰতিফলিত কৰে৷ আনহাতে খোৱাৰ পাছত ৰক্ত শৰ্কৰাৰ মাত্ৰা সাধাৰণ লোকৰ ক্ষেত্ৰত ১৪০ মিগ্ৰা/ডিএলৰ কম, ডায়েবেটিক হোৱাৰ দৰে অৱস্থাত ১৪০-১৯৯ মিগ্ৰা/ডিএল হোৱা ভাল৷ ডায়েবেটিক হ’লে ২০০ মিগ্ৰা/ডিএলৰ বেছি৷ খোৱাৰ পাছত ৰক্ত শৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰাৰ পাছত শৰীৰত কিদৰে গ্লুকজ প্ৰক্ৰিয়া কৰে জনাত সহায়ক হয়৷ এজন সুস্থ ব্যক্তিৰ মাজত এই স্তৰ খোৱাৰ ১-২ ঘণ্টাৰ পাছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে৷ দুপৰীয়া খাদ্য খোৱাৰ পাছত ৰক্ত শৰ্কৰাৰ মাত্ৰা সাধাৰণৰ ক্ষেত্ৰত ১৪০ মিগ্ৰা/ডিএল তথা কম, প্ৰাক্‌-ডায়েবেটিক অৱস্থাত ১৪০-১৯৯ মিগ্ৰা/ডিএল হোৱা উচিত৷ শৰীৰত শৰ্কৰাৰ এই পৰিমাণ বেছি হ’লে বুজিব যে আপুনি ডায়েবেটিক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here