আপোনালোকৰ নিশ্চয় মনত আছে যে সৰুতে প্ৰায়ে আমাক মা-দেউতাই বা অন্য কোনো বয়স্ক লোকে ছুইংগাম গিলিবলৈ মানা কৰিছিল৷ ইয়াৰ কাৰণ কম-বেছি পৰিমাণে আমি নজনা নহয়৷ বহু লোকে ছুইংগাম চোবাই থাকি ভাল পায়৷ ই ধূমপানৰ নিচা আঁতৰোৱাৰো এক বিকল্প৷ কিন্তু ভুলতো যদি ইয়াক আপুনি গিলি দিয়ে, তেন্তে ইয়াৰ পৰিণাম বিষম হ’ব পাৰে৷ ছুইংগাম এনেকুৱা এবিধ মুখৰোচক, যিয়ে পেটলৈ গৈ অনিষ্ট সাধন কৰিব পাৰে৷ ছুইংগাম আপুনি যিমান দেৰিলৈকে নোচোবোৱাওক কিয়, ইয়াৰ আকাৰৰ পৰিৱৰ্তন নহয়৷ ইয়াক গিলি থ’লে ই আপোনাৰ পেটৰ ভিতৰত আঠা লাগি ধৰে আৰু পাচনতন্ত্ৰই ইয়াক সহজে পচাব নোৱাৰে৷ ছুইংগাম তৈয়াৰ কৰিবলৈ মম, ৰেজিন, ইলাষ্টমাৰ আদি ব্যৱহাৰ কৰা হয়, যিয়ে আমাৰ পেটৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ ছুইংগাম পেটলৈ গৈ আমাৰ পাচন প্ৰক্ৰিয়াত ব্লকেজৰ সৃষ্টি কৰি কোষ্ঠকাঠিন্য হোৱাত অৰিহণা যোগাব পাৰে৷
১৯৯৮ চনত 'বালৰোগ পত্ৰিকাত' প্ৰকাশিত এক তথ্য মতে এবাৰ সৰু ল’ৰা-ছোৱালীয়ে ছুইংগাম টুকুৰা টুকুৰকৈ গিলি দিছিল৷ যাৰ বাবে তেওঁলোকৰ পাচন প্ৰক্ৰিয়াত ব্লকেজৰ সৃষ্টি হৈ পেটৰ বিষ, বমি, কোষ্ঠকাঠিন্য আদিৰ সমস্যাই দেখা দিছিল৷ বিশেষজ্ঞৰ মতে শৰীৰৰ পাচনতন্ত্ৰৰ পৰা ছুইংগামক বাহিৰ ওলাবলৈ ৪০ ঘণ্টাতকৈও বেছি সময় লাগে৷ কাৰণ অন্য খাদ্য পদাৰ্থৰ তুলনাত ই লাহে লাহে হজম হয়৷ ইয়াৰ উপৰি ছুইংগাম গিলি থ’লে গ’লত লাগি ধৰি উশাহ-নিশাহৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে৷