আজিকালি বহুতেই অফিচৰ কামত ব্যস্ততা তথা সাংসাৰিক হাজাৰটা কাম চম্ভালাতে দিনটোৰ সময়খিনি পাৰ হয়৷ ইয়াৰ মাজতে শৰীৰৰ স্বাস্থ্য তথা শাৰীৰিক দিশত মন দিবলৈ আহৰিয়েই নাপায়৷ শৰীৰ ফিট ৰাখিবলৈ হাতত জিম যোৱাৰ সময় নাথাকে৷ কিন্তু সকলো চম্ভালাৰ মাজতে শাৰীৰিক ক্ষেত্ৰতো নজৰ দিয়াটো প্ৰধান কৰ্তব্য৷ সেয়ে কামৰ মাজতে আধা ঘণ্টা সময় উলিয়াই হ’লেও নিয়মিতভাৱে কিছু যোগাসন কৰিলে শাৰীৰিক স্বাস্থ্য অটুট থকাৰ লগতে মন-মগজুও শান্ত থাকে৷ সঠিক নিয়ম পালন কৰিলে যোগাসন কৰিলে সহজে সুফল পাবলৈ সক্ষম হ’ব৷ বিভিন্ন শাৰীৰিক লাভালাভৰ বাবে মকৰাসন কৰিব পাৰে৷ কুম্ভীৰৰ দৰে ভংগিমাৰ এই আসন কৰিবলৈ অত্যন্ত সহজ কিন্তু ইয়াৰ উপকাৰিতা আছে যথেষ্ট৷ শ্বাস প্ৰক্ৰিয়া সঠিকভাৱে ৰাখিবলৈ এই আসন বিশেষভাৱে কাৰ্যকৰী৷ শ্বাসকাৰ্যৰ সহায়কাৰী প্ৰধান অনৈচ্ছিক পেশী মধ্যচ্ছদা অৰ্থাৎ ডায়াফ্ৰাম৷ এই ভংগিমাৰ সহায়ত বক্ষক স্থিৰ অৱস্থাত ৰাখি ডায়াফ্ৰামৰ সহায়ত শ্বাস লোৱা হয়৷ মকৰাসনত তলপেট মাটিত লাগি থাকে৷ সেই কাৰণে তলপেটৰ যিকোনো সমস্যা সমাধান কৰে এই আসনে৷ নিয়মিতভাৱে মকৰাসনৰ অভ্যাস কৰিলে কঁকালৰ বিষ নিৰাময় হোৱাৰ লগতে মেৰুদণ্ডৰ স্বাভাৱিক কৰ্মক্ষমতা ঘূৰি আহে৷ এজমা বা হাঁপানি ৰোগ থাকিলে এই আসন কৰাৰ অভ্যাস কৰিলে হাঁওফাঁওৰ বায়ু ধাৰণ ক্ষমতা বাঢ়ে৷ ইয়াৰ উপৰি মৰকাসন কৰাৰ ফলত হজম শক্তি উন্নত হয়৷ উচ্ছ ৰক্তচাপৰ সমস্যা থাকিলেও মকৰাসন কৰিব পাৰে৷
কিদৰে কৰিব মকৰাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মানুহজন তলমুৱাকৈ মাটিত শুই দিব৷ ইয়াৰ পাছত হাত দুখন মূৰৰ পিছফালে জোঁট বন্ধাই লওক৷ এতিয়া সমান দূৰত্বৰ হিচাপ কৰি ভৰি দুখন লাহে লাহে ওপৰলৈ তোলাৰ চেষ্টা কৰক৷ একেদৰে মূৰটোও মাটিৰ পৰা ক্ৰমে ওপৰলৈ তুলিবলৈ যত্ম কৰক৷ তেনে অৱস্থাত শৰীৰৰ একমাত্ৰ কঁকালখনহে মাটিত যাতে লাগি থাকে তালৈ লক্ষ্য কৰক৷ এই ভংগীত আপোনাক দেখাত ঘঁৰিয়াল এটা যেন দেখিব৷ এইদৰে কিছু সময় থাকি পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷