সঠিক নিয়ম মানি যোগাসন কৰিলে যথেষ্ট সুফল পোৱা যায়৷ শৰীৰ সুস্থ তথা সবল কৰি ৰাখিবলৈ সেয়ে নিয়মিতভাৱে যোগব্যায়াম কৰাটো জৰুৰী৷ অৱশ্যে আধুনিক যান্ত্ৰিকতাৰ যুগত বহুতৰে হাতত সময়ত নাটনি৷ সময়ত অভাৱত বহু লোকে আনকি নিজৰ দেহৰ যতনৰ উপৰি ঘৰ-সংসাৰতো সময়ত দিব নোৱাৰে৷ তাৰ মাজতে পাৰিলে দিনটোৰ পুৱা অথবা গধূলি নিজৰ বাবে আধা ঘণ্টা সময় উলিয়াই হ’লেও যোগব্যায়াম কৰিলে শৰীৰৰ লগতে মনৰ স্বাস্থ্যকো নিৰোগী কৰি ৰাখিব পাৰে৷ বহু লোকৰ ক্ষেত্ৰত এনেকুৱা অৱস্থা হয় যে দুই তিনিটা ছিৰি বগালেও জীৱ ওলাই যোৱাৰ দৰে কৰে৷ শ্বাস-প্ৰশ্বাস লওঁতে যেন ইটো শ্বাসৰ পৰা সেইটো শ্বাস ল’ব নোৱাৰিব, হেপনি-ফেঁপনিয়ে আগুৰি ধৰে৷ হেপাই-ফেঁপাই মানুহজনৰ অৱস্থা নাইকিয়া হয়৷ অৰ্থাৎ মানুহজন শাৰীৰিকভাৱে ইমান দুৰ্বল যে তেওঁ খোজ কাঢ়োতে বা ছিৰি বগাবলৈও অক্ষম হয়৷ এনেধৰণৰ সমস্যাই দেখা দিয়ে পলম নকৰি যোগাসন কৰাৰ অভ্যাস কৰক৷ কিছুমান এনে যোগব্যায়াম আছে, যিবোৰ নিয়মিতভাৱে কৰাৰ ফলত আপুনি সুস্থ দেহৰ অধিকাৰী হ’বলৈ সক্ষম হ’ব৷ ইয়াৰ ভিতৰত উত্থিত ললাসন অন্যতম এক যোগাসন৷ আপোনাৰ সহজতে ভাগৰ লাগে, চলা ফিৰা কৰোতে ভাগৰুৱা হয়, দুই এটা ছিৰি বগাওঁতে উশাহ-নিশাহ বন্ধ হোৱাৰ দৰে হয়. এইবোৰ সমাধানৰ উপায় হিচাপে নিয়মিতভাৱে উত্থিত ললাসন আসন কৰাৰ অভ্যাস কৰক৷ উত্থিত ললাসনৰ আন এটা নাম হৈছে খোজকঢ়া অৱস্থাৰ হেলন খোৱাৰ ভংগী৷ এই আসন কৰিলে হাতৰ সহায়ত শৰীৰক ঘূৰোৱা হয়৷ এই আসনৰ অভ্যাস কৰিলে মানসিক চাপ নোহোৱা হয়৷ যাৰ ফলত মনটো খোলোচা হৈ শৰীৰে উদ্যম লাভ কৰে৷ ইয়াৰ লগতে এই আসনে মেৰুদণ্ড আৰু সংলগ্ন পেশী আৰু নাৰ্ভৰ ৰক্ত সঞ্চালন বঢ়ায়৷ নিয়মিত এই অভ্যাস কৰিলে হামষ্ট্ৰিংং আৰু পিঠিৰ পেশী প্ৰসাৰিত হয়৷ নিতম্ব সুগঠিত হোৱাৰ লগতে পেটৰ পেশী সুদৃঢ় হয়৷ উত্থিচ ললাসনে অন্ত্ৰৰ বৰ্জ্য নিষ্কাশন ব্যৱস্থা সুগম কৰাৰ লগতে হাঁওফাঁওৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ ক্লান্ত অৱসন্ন শৰীৰ তথা মনক উদ্দীপিত কৰিবলৈ এই আসন বেছ উপকাৰী৷
কিদৰে কৰিব উত্থিত ললাসন ঃ- প্ৰথমে মানুহজন এখন মেট বা মাটিৰ ওপৰত থিয় হৈ লওক৷ এই অৱস্থাত ভৰি দুখনৰ মাজত তাৰ পাছত এক মিটাৰমান দূৰত্ব ৰাখক৷ এতিয়া হাত দুখন মূৰৰ ওপৰেৰে তুলি আগলৈ হাউলি যাওক আৰু লাহে লাহে মূৰটো তলমুৱা কৰি হাত দুখন পোন কৰি ৰাখিয়েই স্পৰ্শ নকৰাকৈ দুই ভৰিৰ মাজত সোমাই দিয়ক৷ এনে কৰোঁতে পেটত চাপ পাব লাগিব৷ কিছু সময় এনেকৈ ৰওক৷ পাছত লাহে লাহে উঠি আহক৷ এই যোগটো কৰাৰ সময়ত হাতৰ আঙুলি সাপে ফেনা মেলাৰ দৰে কৰিব৷ এইদৰে পুনৰ তিনিবাৰমান কৰিব পাৰে৷