প্ৰয়োজনীয় সুৰক্ষা, গুণ, ফলপ্ৰসূতা মানৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু ছিৰাম ইনষ্টিটিউট অব্ ইণ্ডিয়াই বিকাশ ঘটোৱা আৰ ২১/ মেট্ৰিক্স এম নামৰ মেলেৰিয়াৰ ভেকচিনৰ ব্যৱহাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৱে অনুমোদন জনাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ স্বতন্ত্ৰ উপদেষ্টা গোট বিশেষজ্ঞৰ কৌশলী উপদেষ্টা গোট আৰু মেলেৰিয়া নীতি উপদেষ্টা গোটে আপোচহীন, বিস্তৃত বৈজ্ঞানিক পৰ্যালোচনা কৰাৰ পাছত আৰ ২১/মেট্ৰিক্স এম ভেকচিন ব্যৱহাৰত অনুমোদন জনোৱা হয়৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ জেনেৰ ইনষ্টিটিউট আৰু ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াই ইউৰোপিয়ান এণ্ড ডেভেলপিং কাউণ্ট্ৰিজ ক্লিনিকেল ট্ৰায়েলছ পাৰ্টনাৰশ্বিপ ৱেলকাম ট্ৰাষ্ট আৰু ইউৰোপিয়ান ইনভেষ্টমেণ্ট বেংকৰ সাহায্যত এই ভেকচিনৰ বিকাশ ঘটাইছিল৷ বৰ্তমান আৰ ২১/ মেট্ৰিক্স এম ভেকচিন ঘানা, নাইজেৰিয়া আৰু বুৰকিনা ফাচোত এই ভেকচিন ব্যৱহাৰত অনুমতি প্ৰদান কৰা হৈছে৷