ছালৰ স্বাস্থ্যৰ এইবোৰ জুচ খাওক

0
2

ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ হেঁপাহ কাৰনো নাথাকে৷ যিহেতু ছালৰ স্বাস্থ্য ধৰি ৰখাত খাদ্যৰ বিশেষ ভূমিকা আছে, সেয়েহে বহুতেই নিজৰ খাদ্য তালিকাত বিভিন্ন ধৰণৰ শাক-পাচলি আদি অন্তৰ্ভুক্ত কৰে৷ ছালখন সতেজ আৰু উজ্জ্বল কৰি ৰাখিবলৈ বহুতেই বিভিন্ন ধৰণৰ ফলৰ জুচ নাইবা কম তেল, মছলাযুক্ত খাদ্য, কেঁচা পাচলি আদি গ্ৰহণ কৰে৷ কিন্তু আপুনি যদি সেৱন কৰা জুচত এইসমূহ সামগ্ৰী অন্তৰ্ভুক্ত কৰে, তেন্তে আপোনাৰ ছালৰ উজ্জ্বলতা দুগুণ বৃদ্ধি হোৱাত সহায়ক হ’ব৷
তাৰ ভিতৰত এটা হ’ল বিট৷ বিটত প্ৰচুৰ পৰিমাণে ফলেট পোৱা যায়, যিয়ে ছালৰ কোষ বিকশিত হোৱাত সহায় কৰে৷ লগতে ইয়াত থকা ভিটামিন-ট্ৰ-এ ছালখনত ৰিংকল, বয়সৰ চাপ পৰা আদি সমস্যাৰ পৰা বচাই ৰাখিব পাৰে৷
গাজৰে আপোনাৰ ছালখনৰ বাবে প্ৰাকৃতিক ছানস্ক্ৰীন হিচাপে কাম কৰে৷ ইয়াত থকা বিটা কেৰ’টিনে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ দ্বাৰা হ’ব পৰা ক্ষতিৰ পৰা ছালখনক বচাই ৰাখে৷
আপেলত এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে ছালৰ কোষ আৰু টিছুসমূহক নষ্ট হোৱাত বাধা দিয়ে৷ লগতে ই ছালৰ ক’লাজেন বৃদ্ধি কৰি ছালখন উজ্জ্বল কৰি তোলে৷
হালধিত থকা কাৰ্কিউমিনে ছালৰ প্ৰাকৃতিক উজ্জ্বলতা ধৰি ৰখাত যথেষ্ট সহায় কৰে৷
একেদৰে ডালিমে ছালখন হাইড্ৰেট কৰাৰ লগতে ৰ’দৰ পৰা ছালখনক সুৰক্ষিত কৰি ৰখাত অৰিহণা যোগায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here